অসম ৰাইফলছ আৰু এন এছ চি এনৰ মাজত গুলিয়াগুলী : নিহত এজন এন এছ চি এন কেডাৰ

0
95

অসম ৰাইফলছ আৰু এন এছ চি এনৰ মাজত গুলিয়াগুলী : নিহত এজন এন এছ চি এন কেডাৰ

বৰ্তমানেও অব্যাহত আছে উগ্ৰপন্থীৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ তীব্ৰ অভিযান । অৰুনাচল প্ৰদেশৰ টিৰাপ জিলাৰ অন্তৰ্গত ৱাংচুৰ চেংককৰ ঘন অৰন্যত আজি পুৱা প্ৰায় ৩ মান বজাত ৬ নং অসম ৰাইফলছ আৰু এন এছ চি এন ( কে) গোটৰ মাজত ভয়ঙ্কৰ গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ গোপন সুত্ৰে পম খেদি ৬ নং অসম ৰাইফলছৰ এটা বৃহৎ দলে ঘন অৰন্যত অভিযান চলাই এজন এন এছ চি এন ( কে) গোটৰ দুধৰ্ষ কেডাৰক গুলিয়াই হত্যা কৰে ৷ মৃত কেডাৰ জনৰ নাম গানজন ৱাংছা বুলি জানিব পৰা গৈছে ৷ কেডাৰ গৰাকীৰ পৰা সেনাই এটা পিষ্টল সহ বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে ৷ বৰ্তমান সমগ্ৰ অঞ্চলটোত ভাৰতীয় সেনা আৰু অৰুণাচল আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে কটকটীয়া অভিযান অব্যাহত আছে ।
 অৰুণাচল ,বাবা নেওগ,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here