অসম মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ সাহায্য আগবঢ়ালে বলীউডৰ জনপ্ৰিয় অভিনেতা আমীৰ খান

10

অসম মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ সাহায্য আগবঢ়ালে বলীউডৰ জনপ্ৰিয় অভিনেতা আমীৰ খান

বান পীড়িত অসমলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সহায়ৰ হাত আগবঢ়াইছে বিভিন্নজনে। বলীউডৰ তাৰকাৰ পৰা ধৰ্মগুৰু দালাই লামাকে আদি কৰি মুকেশ আম্বানীৰ পৰিয়ালৰ সকলোৱে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে। দেশত যিকোনো বিপদ হ’লে সহায়ৰ হাত আগবঢ়াবলৈ পিছ পৰি থকা নাই বিভিন্নজনে। বান বিধ্বস্ত অসমৰ এই বিপদকালতো সহায়ৰ হাত আগবঢ়াইছে বলীউডৰ জনপ্ৰিয় অভিনেতা আমীৰ খান। অসমৰ বানপীড়িত লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে,বলীউডৰ জনপ্ৰিয় অভিনেতা আমীৰ খান। অসম মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকা দান কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা আমীৰ খান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এইকথা প্ৰকাশ কৰিছে।

News desk report, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here