অসম-মিজোৰাম সীমান্তত উত্তেজনা : সীমান্ত পৰিদষণ কংগ্ৰেছৰ প্ৰতিনিধিৰ দলৰ

0
360

অসম-মিজোৰাম সীমান্তত উত্তেজনা : সীমান্ত পৰিদষণ কংগ্ৰেছৰ প্ৰতিনিধিৰ দলৰ

জাতি, মাটি, ভেটি ৰক্ষাৰ স্লগান দিয়া বিজেপি চৰকাৰৰ দিনত অসমৰ ভুমিত আগ্ৰাসন চলাইছে মিজোই । অসমৰ মাটি ঘুৰাই আনিবলৈ ব্যৰ্থ হৈছে অসম চৰকাৰ । বৃহষ্পতিবাৰে কৰিমগঞ্জ কংগ্ৰেছৰ এটা প্ৰতিনিধিৰ দল ৰাতাবাৰী সমষ্টিৰ ৰংপুৰৰ এলেকাত পুনৰ মিজোই চলোৱা আগ্ৰাসনৰ দৃশ্য প্ৰত্যক্ষ কৰি এই মন্তব্য প্ৰকাশ কৰিছে । কেন্দ্ৰ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি ত্ৰিপাক্ষীক বৈঠকৰ পোষকতা কৰিব বুলি জনালে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই । ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত ৰংপুৰ এলেকাৰ সিংলা সংৰক্ষিত বনাঞ্চলত মিজোৰ দখলত থকা অসমৰ মাটিত উচ্ছেদ অভিযান চলোৱাৰ পিছদিনাই সক্ৰিয় হৈছিল মামিট জিলা প্ৰশাসনৰ লগতে মিজো সংগঠন । যুদ্ধ কালীন ততপৰতাৰে আইআৰ বেটেলিয়ানৰ অস্থায়ী কেম্প আৰু ঘৰ নিৰ্মাণৰ কাম । আনকি সেই স্থানত পতকা উৰুৱাইছে মিজো সংগঠন কেইটাই । পূৰ্বতকৈ অধিক মাটিত দখল লৈছে এইবাৰ মিজোৰামে । আনহাতে 13 অক্টোবৰ তাৰিখে মামিট জিলাৰ কানমুনত কৰিমগঞ্জ প্ৰশাসন আৰু মামিট জিলা প্ৰশাসনৰ প্ৰতিনিধি দলে আলোচনাত বহিছিল যদিও সেই আলোচনা বিফল হল । ইপিনে কেৱল ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল নহয়, পাথাৰকান্দি সমষ্টিৰ মেদলিছৰা এলেকাত প্ৰায় তিনি কিলোমিটাৰ অসমৰ মাটিত দখল লৈছে মিজোৰামে । এই দুটা স্থানৰ বাহিৰেও কৰিমগঞ্জ জিলাৰ আন ঠাইতো মিজোৰ আগ্ৰাসন অব্যাহত আছে । আনহাতে বৃহষ্পতিবাৰে কৰিমগঞ্জ কংগ্ৰেছৰ এটা প্ৰতিনিধিৰ দল ৰাতাবাৰী সমষ্টিৰ ৰংপুৰৰ এলেকাত সংৰক্ষিত বনাঞ্চলত চলোৱা আগ্ৰাসনৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ সেই স্থানত উপস্থিত হৈছিল যদিও অসমৰ মাটিত অসমৰ লোকক যাবলৈ বাধা প্ৰদান কৰে মিজো প্ৰশাসনে । 

https://youtu.be/MSyutWUS_7w?t=43

পথাৰকান্দি,তপন কুমাৰ ৰয়,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here