অসম-বিহাৰৰ বন্যাৰ্তক সহায়ৰ বাবে কোহলী আৰু আন খেলুৱৈয়ে নিলাম কৰিছে নিজৰ অমূল্য সম্পদ

0
69

অসম-বিহাৰৰ বন্যাৰ্তক সহায়ৰ বাবে কোহলী আৰু আন খেলুৱৈয়ে নিলাম কৰিছে নিজৰ অমূল্য সম্পদ

বানৰ ভয়ানক ছবি দেখি এই ৰাজ্য দুখনৰ লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ লগতে আন কেইবাজনো খেলুৱৈ। দুয়োখন ৰাজ্যক সহায়ৰ বাবে আগবাঢ়ি আহিছে কোহলীৰ লগতে কে এল ৰাহুল, য়ুজবেন্দ্ৰ চাহাল, শুভমন গিল আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ। টেনিছ তাৰকা ছানিয়া মিৰ্জাই কয়, ‍‘মই অসম আৰু বিহাৰৰ বানাক্ৰান্ত লোকৰ সৈতে আছো’। কোহলীৰ লগতে আন আন ক্ৰিকেটাৰ সকলে সাহায্য প্ৰদানৰ বাবে নিজৰ নিজৰ অমূল্য সম্পদ নিলাম কৰিছে।ইয়াৰ পৰা সংগ্ৰহ কৰা ধনৰাশি সাহায্য পুঁজিলৈ প্ৰদান কৰিব। কোহলীয়ে বেট, ৰিদ্ধিমান সাহাই নিজৰ চহী থকা এটি টেষ্ট জাৰ্চি, কুলদীপ যাদৱে হেট্ৰিক কৰা বল, চাহাল আৰু ৰাহুলে বল আৰু বেট আৰু হৰমনপ্ৰীত কৌৰে নিজৰ শততম টি-২০ মেচত পিন্ধা জাৰ্চিটো নিলামত দিছে। ছানিয়া মিৰ্জাই যিখন ৰেকেটেৰে ২০১৬ অষ্ট্ৰেলিয়া অ’পেনত ডাবলছৰ খিতাপ অৰ্জন কৰিছিল সেই ৰেকেটখন বিক্ৰী কৰিব।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here