Wednesday, May 31, 2023
HomeAssameseঅসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত পৰ্যালোচনা বৈঠক

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত পৰ্যালোচনা বৈঠক

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত পৰ্যালোচনা বৈঠক

বুধবাৰে গুৱাহাটীস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মন্ত্রী অজন্তা নেওগৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ কৰ বিভাগৰ এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।
কৰৰ জৰিয়তে ৰাজহ সংগ্ৰহ চৰকাৰৰ বাবে উপাৰ্জনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস আৰু চৰকাৰে এই ৰাজহেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সেই হেতু চৰকাৰক দিবলগীয়া কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ দিশত গুৰুত্ব দিয়াটো উচিত বুলি মন্তব্য মুখ্যমন্ত্রী গৰাকীৰ। এইক্ষেত্রত সংশ্লিষ্ট বিষয়াসকলক চৰকাৰী দায়বদ্ধতা আৰু কৰ্তব্যসমূহ নিষ্ঠাৰে পালন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্রী গৰাকীয়ে। লগতে চৰকাৰে বিষয়াসকলক তেওঁলোকৰ দায়বদ্ধতা পূৰণত প্রয়োজনীয় সকলো সহযোগিতা আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্রী গৰাকীয়ে আশ্বাস প্রদান কৰে।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments