৬০ সংখ্যক অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় অধিবেশন নগাঁওত অনুষ্টিত হোৱাৰ পাছত কুমাৰ দীপক দাসক সভাপতি আৰু গিৰীন্দ্ৰ ৰয়ক সম্পাদক হিচাপে লৈ এখন নৱনিৰ্বাচিত সমিতিৰ গঠন কৰে ৷
দেওবাৰে তিনিচুকীয়াৰ মাৰোৱাৰী পঞ্চায়তী ধৰমশালাত অসম নাট্য সন্মিলনৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় কায্যনিৰ্বাহকে পুৰণি সমিতিৰ পৰা দায়িত্বভাৰ গ্ৰহন কৰে ৷
আগন্তুক দিনসমূহত সন্মিলনে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি সপোন সেই সপোন পুৰণৰ কাৰণে কাম কৰি যাবলৈ দায়বদ্ধ বুলি মন্তব্য কৰে ৷
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News