NEWS DESK NE INDIA : সৌন্দৰ্য্যৰ ক্ষেত্ৰত ভাৰতৰ অন্য অঞ্চলতকৈ অসম ৰাজ্যৰ মহিলাসকলো কোনো ৰকমে কম নহয়। এনে তথ্য পুনৰ প্ৰমাণ কৰিলে অসমৰ জীয়ৰী চাইনা ৰাজকুমাৰীয়ে। ফিলিপাইনছত অনুষ্ঠিত হোৱা মিষ্টাৰ এণ্ড মিছ এছিয়া ছুপাৰ মডেল ইউনিভাৰ্ছত ছেকেণ্ড ৰানাৰ্ছআপৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ল চাইনাই। উল্লেখ্য যে, শিৱসাগৰ জিলাৰ লাকুৱাৰ অঞ্চলৰ বাসিন্দা হৈছে চাইনা ৰাজকুমাৰী ৷ অন্যহাতে ৮ৰ পৰা ১৫ ডিচেম্বৰ পৰ্য্যন্ত দক্ষিণ এছিয়াৰ দেশখনত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।