অসম চুক্তিৰ সঘনে উত্থাপন হোৱা কেইটামান দফা

0
1653

                                  অসম চুক্তিৰ সঘনে উত্থাপন হোৱা কেইটামান দফা

NE INDIA: তেতিয়াৰ ছাত্ৰনেতা প্ৰফুল্ল কুমাৰ মহন্তই দিল্লীৰ পৰা কৈছিলঃ ৰাজীৱ গান্ধীয়ে  অসমলৈ উপহাৰ  এটা পঠাইছে । সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই এই খবৰ প্ৰচাৰ কৰিছিল। কিন্তু কি  আছিল সেই  উপহাৰটো নাইবা চুক্তিখন ? আমি সেইসময়ত  আবেগত এনেকৈ উটি-ভাঁহি গলো যে তাৰ কথা কোনেও নুলিয়ালো, কোনেও নুসুধিলো। তাৰ পিছত  অসমত আঞ্চলিকতাবাদী চৰকাৰে শপত ললে – দেশ চলোৱাৰ। কিন্তু চুক্তিখনৰ বিষয়ে ৰাইজে  তেতিয়ালৈকে ভূ-ভা নাপালে,  নল’লে ।
বহুদিনৰ পিছত চুক্তিখনৰ  ৬- নম্বৰ  আৰু ৭- নম্বৰ দফাৰ  ওপৰত চেগা চোৰোকাকৈ  আলোচনা হবলৈ ধৰিলে। 
তাৰ ওপৰত আমিও আলোকপাত কৰাৰ প্ৰয়াস কৰিলো—

Safeguards and Economic Development :
৬) Constitutional, legislative and administrative safeguards as may be appropriate, shall be provided to protect, preserve and promoted the cultural,social, linguistic identity and heritage of Assamese people. 
সাংবিধানিক ৰক্ষা কবচ,  থলুৱাৰ ৰক্ষা কবচ  আদি সঘনাই  উত্থাপিত হোৱা আৰু শুনিবলৈ ভাল লগা শব্দ। কিন্তু কি ” appropriate” চেফগাৰ্ড দিব তাৰ কোনো সংজ্ঞা নাই। সংবিধানে  অসমক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰিব নে? অসমৰ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিবনে?  অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কি আচনি প্ৰস্তুত কৰিব? 
কেইজন অসমীয়াক ভাৰত ৰত্ন বঁটা প্ৰদান কৰিব? শংকৰী কলা-সংস্কৃতি ভাৰতত  প্ৰচাৰৰ  বাবে কি ব্যৱস্থা কৰা হব, তাৰ  কিবা আঁচনি আছে নে , ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰৰ হাতত? ৰক্ষা কবচৰ প্ৰকৃততে কিবা ধাৰণা আছেনে? ” খিলঞ্জীয়াৰ স্বাৰ্থ সংৰক্ষণ” কৰিবলৈ যাওঁতে “খিলঞ্জীয়া”-ৰ সংজ্ঞা কোনে  কি বুলি নিৰ্ধাৰণ কৰিব? অসমত খিলঞ্জীয়া কোন? 
৭) The Government take this opportunity to renew their commitment for the speedy all round economic development of Assam, so as to improve the standard of living of the people. Special emphasis will be placed on education and science & technology through of national institutions. 
বৰ ভাল কথা। কৃষি বিশ্ববিদ্যালয়ক লৈ  অসমত তিনি খন বিশ্ববিদ্যালয় সেই সময়ত আছিল । আৰু কেইখন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব? কেইখন মেডিকেল কলেজ হ’ব? কেইখন ফাৰ্মাচী কলেজ হ’ব?  কেইখন আই আই টি হ’ব? কেইটা  বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ স্থাপন কৰা হ’ব? মাইনিং কলেজ হ’ব নে? জালুকবাৰী আৰু যোৰহাট  ইঞ্জিনিয়াৰিঙ কলেজ দুখন বিশ্ববিদ্যালয়ৰ পৰ্য্যায়লৈকে উন্নীত কৰা হ’ব নে? ঔষধৰ জগত খনত বেছিভাগ কেচাঁ সামগ্ৰী –crude drug অসমতে সিঁচৰতি হৈ আছে। এটা ঔষধ গবেষণা প্ৰতিষ্ঠান আৰু কিছুমান ঔষধ উদ্যোগ প্ৰতিস্থান অসমত স্থাপন কৰা  হ’ব নে? 
একো উল্লেখ নাই। একো  আচনি নাই। 

Other Issues :
৮.১) কেন্দ্ৰৰ কৰ্তৃত্বত ভবিষ্যতে চৰকাৰে নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব। 
৮.২) ছাত্ৰ সংস্থা আৰু গণ সংগ্ৰাম পৰিষদৰ আপত্তিৰ ভিত্তিত Indian Citizenship Certificate- ৰ সমস্যাটো চোৱা হ’ব। 
আজি  NRC -ক লৈ কোনে কি কি গেম খেলি আছে সকলোৱে দেখিছে ।
৯) আন্তঃ ৰাষ্ট্ৰীয় সীমা বেৰা, কাঁটা তাঁৰৰ বেৰা, আৰু  অন্যান্য প্ৰতিবন্ধকেৰে সীমান্ত পাৰ হ’ব নোৱাৰাৰ ব্যৱস্থা কৰা হ’ব। প্ৰতিৰক্ষা কৰ্মীৰ দ্বাৰা স্থলত আৰু নদী এলেকাত পেট্ৰলিঙৰ ব্যৱস্থা কৰা হ’ব।পৰ্য্যাপ্ত চেক পোষ্ট স্থাপন কৰা হব।
কিমান বছৰ পাৰ হ’ল – এই চুক্তি স্বাক্ষৰ হোৱা । কিন্তু কোনখন চৰকাৰে এই চুক্তি ৰূপায়ণৰ বাবে  আগ্ৰহ দেখুৱালে? 
৯.২) এই বোৰৰ  উপৰিও,  ইন্টাৰনেচনেল ব’ৰ্ডাৰত  পেট্ৰলিং উন্নত কৰিবলৈ ৰাস্তা সজোৱা হ’ব।নদীতো পেট্ৰলিং দিয়া হ’ব। এই ৰাস্তাটোৰ কাষত আৰু বৰ্ডাৰৰ মাজত মানুহক  বসতি কৰিব দিয়া নহ’ব। বৰ্ডাৰ পাৰ হ’ব নোৱাৰাকৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। 
স্বৰূপাৰ্থত তেনেকুৱা কিবা হৈছে নে? 
১০) চৰকাৰী ভূমি আৰু ট্ৰাইবেল বেল্ট আৰু ব্লক সমূহত বেদখল ৰোধ কৰিবলৈ  আইনী ব্যৱস্থা গ্ৰহণ কৰা হব আৰু বেদখল  উচ্চেদ কৰা হব। 
১১) It will be ensured that the relevant law restricting acquisition of immovable property by foreigners in Assam is strictly enforced. এই দফা টোৰ প্ৰাসংগিকতা  এই পৰ্য্যন্ত  আছেনে বাৰু?  
১২) জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন শুদ্ধ ভাৱে কৰাটো নিশ্চিত কৰা হ’ব । এই দফাটোও বিদেশী বহিস্কাৰৰ লগত সংগতি বিহীন। 
যদি জন্ম-মৃত্যুৰ পঞ্জীয়ন শুদ্ধ ভাৱে কৰা হৈছিল  আজি বংশবৃক্ষত  ইমান বিসংগতি কেনেকৈ হবলৈ পালে? 
Restoration of Normalcy :
১৩) The All Assam Student Union and the All Assam Gana Sangram Parishad call of the agitation, assure full co-operation and dedicate themselves towards development of the country. 
ইয়াত কবলৈ একো নাই । আন্দোলন শেষ হ’ল, ছাত্ৰ সংস্থা আৰু গণ সংগ্ৰাম পৰিষদে দেশৰ  উন্নতিৰ হকে নিজকে উৎসৰ্গা কৰিব। কৰিলেও , আমি দেখিলো। LOC- ৰ পৰা আৰম্ভ কৰি দল ভাঙি-চিঙি কেইটা দল গঠন কৰিলে, কেইজনে দল বাগৰিলে সকলো।

১৪) কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ কেইটামান বিষয়ত  একমত —-
ক) আন্দোলনৰ সময়ত যিসকল কৰ্মচাৰীৰ  বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, তেওঁলোকৰ অভিযোগ অনুকম্পা সহিতে উঠাই লোৱা হ’ল।
খ) আন্দোলনত নিহত হোৱা সকলৰ পৰিয়াললৈ এককালীন সাহাৰ্য্য প্ৰদানৰ আচনি যুগুত কৰা হ’ব।
হৈছিল নে সময়ত? কিমানৰ চেণ্ডেলৰ গোৰোহা ক্ষয় গ’ল, তাৰেই বা হিচাপ ৰাখিছে নে কোনোবাই? 
এদিন ৰঙা লাইট জ্বলোৱা গাড়ী দেখি ৰঙিয়াত মন্ত্ৰী মহাশয়ক দুটামান কথা কবলৈ ছাত্ৰ সন্থাৰ ল’ৰা কেইজনমানে গাড়ী খন ৰখালে। গাড়ীখনৰ খিড়িকীৰে লঙ্কেশ্বৰ পাটোৱাৰীয়ে মুখখন উলিয়াই — “কি হ’ল বাপাহাত?” বুলি যেতিয়া সুধিলে তেতিয়াই বুজি পালে এসময়ৰ “অগ্নিস্ফূলিঙ্গৰ” এঙাৰ ৰূপ । 
গ) অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত আন্দোলনৰ কালচোৱাত বয়সৰ  উচ্চ সীমা (exceptional situation – বুলি ) ত কিছু শিঠিলতা গ্ৰাহ্য কৰা হ’ল।
ঘ) আন্দোলনৰ সময়ত  detention cases  ব্যক্তিগত দোষৰ  অপৰাধী সকলৰ কেচ চালি জাৰি চাই বিবেচনা কৰা হ’ব।
ঙ) Prohibitory /notification in force, উঠাই দিয়াৰ বাবে বিবেচনা কৰা হ’ব।
The Ministry of Home Affairs will be the nodal Ministry for the implementation  of the above.

এইখনেই  অসম চুক্তি । ইয়াত স্বাক্ষৰ  আছে — পি, কে, মহন্ত সভাপতি , আছু।  আৰ, ডি, প্ৰধান, হোম চেক্ৰেটাৰী,  বি, কে, ফুকন, জেনেৰেল চেক্ৰেটাৰী–আছু, 
বিৰাজ শৰ্মা  আহ্বায়ক, সদৌ অসম গণ সংগ্ৰাম পৰিষদ।
শ্ৰীমতী পি;পি, ট্ৰিবেদী, চীফ চেক্ৰেটাৰী , অসম।
ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সন্মুখত সকলোৱে স্বাক্ষৰ কৰিলে। 
১৫আগষ্ট ১৯ ৮৫।
নতুন দিল্লী ।

আমি  আশা ৰাখিম তেলৰ দাম  ৰন্ধন গেছৰ দামৰ পিছত কোনোবা মতাৰ  কান্ধত মাইকী উঠি দৌৰাতকৈ আমি  উল্লেখ কৰা বিষয়সমূহৰ  ওপৰত চিঞৰ বাখৰ কৰক – দল মতবাদ নিৰ্বিশেষে।  তাৰ বাবে হয়তো কোনো চুক্তিৰ আৱশ্যক নহব।

(আৰ কে বেজবৰুৱা)

LEAVE A REPLY

Please enter your comment!
Please enter your name here