Sunday, May 28, 2023
HomeAssameseঅসম চাহ মজদূৰ সংঘ পানীতোলা শাখাৰ ধৰ্ণা কায্যসূচী

অসম চাহ মজদূৰ সংঘ পানীতোলা শাখাৰ ধৰ্ণা কায্যসূচী

বুধবাৰে তিনিচুকীয়া খাৰজান চাহ বাগিচাৰ কলঘৰৰ সন্মুখত অসম চাহ মজদূৰ সংঘৰ পানীতোলা শাখাৰ উদ্যোগত এক ধৰ্ণা কায্যসূচী ৰূপায়ন কৰে। অসমৰ ১৭ খন চাহ বাগিচা থকা এ পি জে চাহ কোম্পানী লিমিটেডৰ বাগিচা সমূহত কেইবা হাজাৰৰো চাহ শ্ৰমিক কৰ্মচাৰী জড়িত হৈ আছে।কিন্তু অত্যন্ত দুখ লগা আৰু পৰিতাপৰ কথা যে কোম্পানীটোৰ শ্ৰমিক ৰাইজৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীত বিগত সময়চোৱাত বাগিচা কৰ্তৃপক্ষ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবালানি গণতান্ত্ৰিক আন্দোলনৰ কায্যসূচী ৰূপায়ন কৰি চৰকাৰক স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো কোম্পানীটোৰ তৰফৰ পৰা বা বিজেপি চৰকাৰখনে শ্ৰমিক ৰাইজৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।যাৰ বাবে আজি শ্ৰমিক সকল অতিষ্ঠ হৈ নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে এ পি যে কোম্পানী লিমিটেডৰ অন্তৰ্গত থকা খাৰজান চাহ বাগিচাৰ ,খাৰজান দীঘলীবাৰী ,আৰু কাঞ্জিখুৱা বিভাগৰ শ শ শ্ৰমিক একত্ৰিত হৈ অসম চাহ মজদূৰ সংঘ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ও পানীতোলা শাখাৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ নেতৃত্বত আৰু শ্ৰমিক ৰাইজৰ সহযোগত এ পি যে চাহ কোম্পানী আৰু বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে এই ধৰ্ণা কায্যসূচী লোৱা হৈছে বুলি সংবাদ মাধ্যমৰ আগত বক্তব্য দাঙি ধৰে । উক্ত ধৰ্ণা কায্যসূচী তেই চৰকাৰক অতিশীঘ্ৰেই শ্ৰমিকৰ দাবী সমূহ সমাধান কৰিবলৈ অসম চাহ মজদূৰ সংঘই দাবী জনায় নহলে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন অধিক তীব্রতৰ হব বুলি হুংকাৰ প্ৰদান কৰে ।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments