অসম চাহ মজদূৰ সংঘৰ পানীতোলা চাহ বাগিচাত ১ঘন্টিয়া ধৰ্ণা কাৰ্যসুচী
সমগ্ৰ অসমৰ চাহ বাগিচা সমুহত কৰ্মৰত উপ কৰ্মচাৰীসকলৰ দৰমহা আৰু ভ্ৰমণ বানচ বৃদ্ধিৰ দাবীত বুধবাৰে অসম চাহ মজদূৰ সংঘই পানীতোলা চাহ বাগিচাত এক ঘন্টীয়া ধৰ্ণা কায্যসূচী ৰূপায়ন কৰে ।
অসম চাহ মজদূৰ সংঘ আৰু মালিকপক্ষৰ মাজত এই সন্দৰ্ভত কেইবালানি আলোচনা হৈছিল । কিন্ত সেই আলোচনাৰ পিছতো মালিকপক্ষই উপ-কৰ্মচাৰী সকলৰ উক্ত দাবী সন্ধৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে ।

মালিকপক্ষৰ এনে গা এৰা মনোভাৱৰ প্ৰতিবাদত বুধবাৰে ধৰ্ণা কায্যসূচী গ্ৰহণ কৰে চাহ মজদুৰ সংঘই । এই ধৰ্ণা কাৰ্যসুচীৰ নেতৃত্ব দিয়ে চাহ মজদুৰ সংঘৰ উদ্যোক্তা তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে ।
ধৰ্ণা কাৰ্যসুচীত উপ কৰ্মচাৰী সকলৰ দৰমহাৰ বৃদ্ধিৰ লগতে ভ্ৰমণ বানচ বৃদ্ধি কৰিবলৈ মালিকপক্ষক দাবী জনায় ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া , Ne India News