অসম চাহ জনজাতি ছাত্র সন্থা , অসম চাহ জনজাতি মহিলা সমিতিৰ ধৰ্ণা কাৰ্যসুচী
সোমবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতি তিনিচুকীয়া জিলা সমিতিৰ যৌথ উদ্যোগত জিলা কাৰখানা পৰিদৰ্শকালয় কায্যালয়ৰ সন্মুখত ২ ঘন্টিয়া ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰে । ডিব্ৰুগড় জিলাৰ লেপেটকতা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়ক আৰু তালাপ চাহ বাগিচাৰ বিনোদ মিঞ্জক পৰিয়ালক মালিকপক্ষই উচিত ক্ষতিপূৰণ প্ৰদান নকৰা আৰু লগতে প্ৰত্যেক চাহ ফেক্টৰী তথা কল কাৰখানাত নিয়োজিত শ্ৰমিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত উক্ত ধৰ্ণা কাৰ্যসুচী জৰিয়তে শ্ৰম বিভাগ তথা মালিকপক্ষক অতিশীঘ্ৰেই দুয়োগৰাকী শ্ৰমিকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনায়।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News