অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ মাজত বৈঠক
বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ নামচাইত অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজত মুখ্যমন্ত্ৰী পৰ্যায়ৰ নামচাই ঘোষণাপত্ৰত স্বাক্ষৰ কৰে অসমৰ মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মাই। দুয়োখন ৰাজ্যৰ মাজত বিবাদিত অঞ্চল হিচাপে বিবেচিত গাঁৱৰ সংখ্যা পূৰ্বৰ ১২৩ৰ পৰা ৮৬খনলৈ সীমাবদ্ধ কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাবুজিত উপনীত হ’য় ৰাজ্য দুখন৷ লগতে ২০২২ চনৰ ১৫ ছেপ্টেম্বৰৰ ভিতৰত বাকী থকা ৮৬খন গাঁৱৰ ভিতৰত সৰ্বাধিকসংখ্যক গাঁৱৰ ক্ষেত্ৰত থকা সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত ল’য়। বৃহস্পতিবাৰৰ দিনটোত এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত স্বাক্ষৰিত এই ঘোষণাপত্ৰই দুয়োখন ৰাজ্যৰে বন্ধুত্ব আৰু ভাতৃত্ববোধৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব বুলি মন্তব্য মুখ্যমন্ত্রীৰ।
News Desk, Ne India News