অসম আৰক্ষীৰ গৃহ বিভাগৰ সদ্যনিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীৰ ভিতৰত তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত ৩৭গৰাকী যুৱক-যুৱতীক ডিগবৈ সমষ্টিৰ সুৰেন ফুকনে বুধবাৰে নিজ বাসগৃহত একোখনকৈ ফুলাম গামোচা পিন্ধাই সম্বৰ্ধনা জনায়।
উল্লেখযোগ্য যে নিকা আৰু স্বচ্ছভাবে হোৱা এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নিযুক্তি প্ৰাপ্ত যুৱক-যুৱতী সকলে অসমৰ মাননীয় ড৹ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে উঠি অহা চামক মনোবল যোগাবলৈ যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা সংবাদমাধ্যমৰ আগত মত ব্যক্ত কৰে ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News