অসম-অৰুণাচল সীমান্তৰ জাগুনত CAB ৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সমদল
সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ জাগুনত অব্যাহত আছে CAB বিৰোধী প্ৰতিবাদী আন্দোলন। বৃহস্পতিবাৰে জাগুনৰ বিভিন্ন জনগোষ্ঠীয় দল সংগঠন আৰু জাগুনবাসী ৰাইজৰ সহযোগত মুঠ ২১ টা সংগঠনে উলিয়ালে এক বিশাল প্ৰতিবাদী সমদল। জাগুন উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰৰ পৰা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জাগুনৰ লামা তিনিআলি লৈ প্ৰায় ২ কিলোমিটাৰ পথ সমদল কৰি প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ বেক, নৰেন্দ্ৰ মোডী হুঁচিয়াৰ, অমিত শ্বাহ মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে জাগুনৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে ।

উক্ত কাৰ্যসুচীত প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে। কাৰ্যসূচী আৰম্ভ কৰিয়ে জাগুন বজাৰৰ মাজমজিয়াত নাগৰিকত্ব সংশোধনী বিল দাহ কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে আলোচনা পন্থী আলফা নেতা জিতেন দত্তও উপস্থিত থাকে। কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰতিবাদী ৰাইজক সম্বোধন কৰি আমি মৰি মৰি জীয়াই আছো, আমি মৰিবলৈ ভয় নকৰো, প্ৰয়োজন হলে জননী স্বাৰ্থত জিতেন দুত্তয়ে প্ৰথম মৰিব বুলি উদ্দাক্ত কন্ঠেৰে বক্তব্য আগবঢ়াই ।
বাবা নেওগ, মাৰ্ঘেৰিটা, NE India