অসমৰ ৮ খন বাতৰি কাকতলৈ নিৰ্বাচনী আয়োগৰ জাননী 

0
71

 

অসমৰ ৮ খন বাতৰি কাকতলৈ নিৰ্বাচনী আয়োগৰ জাননী 

২৭ মাৰ্চৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰাৰ পিচতে ২৮ মাৰ্চত বিজেপিয়ে বাতৰিকাকত কেইখনত বিজ্ঞাপন প্ৰচাৰ কৰিছিল ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৪৭ খন আসনৰ আটাইকেইখনতে BJP দল বিজয়ী হব বুলি ২৮ মাৰ্চৰ বাতৰিকাকত বিজ্ঞাপন দিছিল BJP য়ে ।
ইয়াৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আপত্তি দৰ্শাইছিল নিৰ্বাচনী আয়োগত ।
কংগ্ৰেছৰ অভিযোগ , নিৰ্বাচনী আয়োগৰ নিৰ্দেশ , নিৰ্বাচনী বিধি তথা জনপ্ৰতিনিধি আইন ১৯৫১ ৰ উলংঘন কৰিছে BJP য়ে ।
APCC য়ে ৰবিবাৰে সন্ধিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , BJP ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা , ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস সহ আঠ খন বাতৰিকাকতৰ বিৰুদ্ধে গোচৰ দিছিল দিশপুৰ আৰক্ষী চকীত ।
কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত , সোমবাৰে নিশাৰ ভিতৰত নিজৰ স্থিতি ষ্পষ্ট কৰিবলৈ বাতৰিকাকত আঠখনলৈ জাননী প্ৰেৰণ কৰিছিল অসমৰ নিৰ্বাচনী আয়োগৰ মুখ্য বিযয়া নীতিন খাড়েই ।
নিৰ্বাচনী আয়োগৰ সুত্ৰত প্ৰকাশ, সোমবাৰে নিশাৰ ভিতৰতে বাতৰিকাকত আঠ খনে নিজ নিজ ৰিপোৰ্ট জমা কৰিছে নিবাচনী আয়োগত ।
বাতৰিকাকত কেইখনৰ ৰিপোৰ্ট ইতিমধ্যে প্ৰেৰণ কৰা হৈছে নিৰ্বাচনী আয়োগৰ মুখ্য কাৰ্যলয়লৈ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here