অসমৰ যুৱকৰ ফিল্মফেয়াৰ যাত্ৰা

0
832
ENTERTAINMENT DESK NE INDIA:  অসমৰ সাংস্কৃতিক জগতৰ বাবে আন এক সুখবৰ। ৰিমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ য়ে অস্কাৰৰ মজিয়া গৰকিব পৰাটো এক বৃহৎ সাফল্য অসমবাসীৰ বাবে ৷ সেই সময়তে অসম সন্তান অনুৰাগ শইকীয়াৰ জড়িয়তে আহিছে আন এক সুখবৰ ৷ ২০১৮ বৰ্ষৰ ফিল্মফেয়াৰ বঁটা(মাৰাঠী) ৰ বাবে মনোনীত হৈছে অনুৰাগ শইকীয়াৰ নাম। মাৰাঠী ভাষাৰ ছবি ‘মানঝা’ৰ বাবে “Best Background Score” শিতানত মনোনীত হৈছে অসম সন্তান অনুৰাগ শইকীয়াৰ নাম। নিৰ্বাচক মণ্ডলীৰ সিদ্ধান্ত আৰু দৰ্শকৰ ভোটদানৰ জৰিয়তে জয়ী জনক অহা ২৭ ছেপ্টেম্বৰত প্ৰদান কৰা হ’ব এই বঁটা। উল্লেখযোগ্য যে ,২০১৭ চনৰ ২১ জুলাইত মুক্তি লাভ কৰা এই মাৰাঠী ছবিখনৰ আৱহ সংগীতৰ লগত জড়িত আছিল অনুৰাগ শইকীয়া ৷ মৰাণৰ যুৱক অনুৰাগ শইকীয়া বলিউদতো ইতিমধ্যে নিজৰ সবল খোজ পেলাবলৈ সক্ষম হৈছে। যোৱা ৩ আগষ্টত মুক্তিপ্ৰাপ্ত ঋষি কাপুৰ আৰু তাপসী পান্নু অভিনীত ‘ মুল্ক ‘ ছবিৰ লগতে ইমৰান খানে অভিনয় কৰা ‘কৰৱা’ ছবিখনৰো সংগীত পৰিচালনাৰ সৈতে জড়িত আছিল অনুৰাগ শইকীয়া ।”যুগদ্ৰষ্ট্ৰা” ছবিৰ বাবে নন ফিচাৰ ফ্লিম শাখাত শ্ৰেষ্ঠ সংগীত পৰিচালক ৰূপে  ৰজত কমল বঁটা লাভ কৰিছিল অনুৰাগে |ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম জিলিকাই তোলা অনুৰাগৰ নাম দেশৰ অন্যতম সন্মানীয় ফিল্মফেয়াৰ এৰ্ৱাডৰ বাবে মনোনীত হোৱাতো গৌৰৱৰ বিষয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here