অসমৰ ভূমিত মিজোৰ আগ্রাসন :বৈঠকত মিলিত অসম আৰু মিজোৰাম প্রশাসন

0
59

অসমৰ ভূমিত মিজোৰ আগ্রাসন :বৈঠকত মিলিত অসম আৰু মিজোৰাম প্রশাসন

অসমৰ মাটিত মিজোৰ আগ্রাসন সন্দর্ভত বুধবাৰে  অসম আৰু মিজোৰাম প্রশাসনৰ মাজত এক বৈঠক অনুষ্ঠিত  হয় । বিষয়টো সন্দর্ভত বৈঠকত মিলিত হয় কৰিমগঞ্জৰ জিলা  প্রশাসন আৰু মিজোৰামৰ মামিট জিলা প্রশাসন । অসম মিজোৰাম সীমান্তৰ কানমুনত মামিট আৰু কৰিমগঞ্জ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলে আগ্ৰাসন সন্দৰ্ভত আলোচনা কৰে ।
ছাৰ্বে ইন্ডিয়াৰ মানচিত্ৰ অনুসৰি মিজোৰ দখলত থকা মাটি অসমৰ বুলি চিনাক্ত হৈছে যদিও মিজো প্ৰশাসনৰ মতে এইবোৰ মাটি যুগ যুগ ধৰি হেনো মিজোৰামৰ আছিল । মুঠৰ উপৰত বিষয়টো সন্দৰ্ভত মিজো প্ৰশাসনে যুক্তিৰ উপৰত যুক্তি ডাঙি ধৰিলে ।

সংগঠন কেইটাই অসমক উদ্দেশ্যে ঠায়ে ঠায়ে প্লেকাৰ্ড লগাই জনাব বিচাৰিলে যে সংৰক্ষিত বনাঞ্চল মিজোৰামৰ । মুট কথাত আলোচনাত একপ্ৰকাৰ বিফল হৈ উভতিল কৰিমগঞ্জ প্ৰশাসন । ইপিনে শুকুৰবাৰে চলোৱা উচ্ছেদ অভিযানৰ পিছত অধিক সক্ৰিয় হৈছে মিজোৰাম । পূৰ্বতকৈ অধিক মাটিত দখল লৈছে মিজোৰামে । মুলত অসম প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ মিজোৰামে অসমৰ মাটিত আগ্ৰাসন অব্যাহত ৰাখিছে ।

https://youtu.be/V7-fhSs9xFQ?t=1

তপন কুমাৰ ৰয়,পথাৰকান্দি,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here