অসমৰ ভূমিত মিজোৰ আগ্রাসনৰ বিৰুদ্ধে সৰব পাথাৰকান্দি কংগ্ৰেছ

0
59

অসমৰ ভূমিত মিজোৰ আগ্রাসনৰ বিৰুদ্ধে সৰব পাথাৰকান্দি কংগ্ৰেছ

পাথাৰকান্দি সমষ্টিৰ মেদলিছৰা এলেকাত মিজোৰামে চলোৱা আগ্ৰাসনৰ বিৰুদ্ধে সৰব হৈছে পাথাৰকান্দি কংগ্ৰেছ । যুব কংগ্ৰেছ সম্পাদক সচীন ছাহুৰ নেতৃত্বত কেবাশতাধিক কংগ্ৰেছ কৰ্মীৰ দলে মেদলিছৰাৰ অসম মিজোৰাম সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰে । কংগ্ৰেছী সকলে অভিযোগ উত্থাপিত কৰি কয় যে, জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰে অসমৰ মাটি মিজোৰামৰ দখলৰ পৰা মুক্ত কৰিবলৈ বিশেষ কোনো পদক্ষেপ হাতত ল’ব পৰা নাই । আৰু সেই দূৰ্বলতাৰ সুযোগ লৈ ৰাতাবাৰী সমষ্টিৰ ৰংপুৰৰ এলেকাৰ চেৰাগী সংৰক্ষিত বনাঞ্চল, মেদলিছৰা এলেকাত তিনি কিলোমিটাৰ মিজোৰ আগ্ৰাসনৰ দৰে ঘটনা সংঘটিত হৈছে । আনহাতে শুকুৰবাৰে মিজোৰামৰ সৈতে বানিজ্যিক সম্পৰ্ক বন্ধ কৰাৰ লক্ষ্যৰে কৰিমগঞ্জ প্ৰশাসনে বেৰিকেড নিৰ্মাণ কৰাৰ পিছৰে পৰাই কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্ত এলেকাত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে ।

https://youtu.be/OQtzW0sRgt8

পাথাৰকান্দি,তপন কুমাৰ ৰয়,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here