অসমৰ বাবে সুখৱৰ

0
865

অসমৰ বাবে সুখৱৰ

News desk NE India: আপোনালোকে কেতিয়াবা ভাবিছে নে, যে অামাৰ সুন্দৰ অসমখনৰ বাট-পথবোৰৰ অৱস্থা কেনেদৰে ভাল কৰিব পৰা যাব। হয়তো এতিয়া এই সপোন সম্ভৱ হ’ব কিয়নো অসম চৰকাৰে পদক্ষেপ হিচাপে হাতত লৈছে এক নতুন প্ৰযুক্তিৰ। যাৰ ফলত পথসমূহ হ’ব দীৰ্ঘস্থায়ী।

এই নতুন প্ৰযুক্তিবিধ হৈছে আমাৰ দৈনন্দিন জীৱনত পেলনীয়া সামগ্ৰী হিচাপে খ্যাত প্লাষ্টিক। নিৰ্মাণ হবলগীয়া পথসমূহত ব্যৱহৃত  হব প্লাষ্টিক আৰু শিল গুটি। যাৰ ব্যৱহাৰৰ ফলত বৰষুণৰ পানীয়ে পথৰ ক্ষয়-ক্ষতি কৰিব নোৱাৰিব।
গুৱাহাটীৰ দক্ষিণ গাঁৱত এই প্ৰযুক্তিৰে পৰীক্ষামূলক পথ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে গড়কাপ্টানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। যিহেতু গুৱাহাটীত প্লাষ্টিক আৱৰ্জনা সমূহ সৰহ সংখ্যক ভাবে পোৱা যায়। এনে পদক্ষেপ গ্ৰহণে আৱৰ্জনাসমূহ  হ্ৰাস কৰাত সহায়ক হ’ব  লগতে বাট-পথসমূহ উন্নীত হ’ব। মেঘালয় প্ৰদেশত ইয়াৰ পূৰ্বে প্লাষ্টিকেৰে নিৰ্মিত পথ নিৰ্মাণ কৰি সুফল পোৱা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here