অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু আমাৰ মাজত নায়
বহুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ থকা অভিনেতা কিশোৰ দাস আৰু আমাৰ মাজত নায়। দুৰাৰোগ্য কৰ্কট ৰোগৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে জনপ্ৰিয় অভিনেতা কিশোৰ দাসে।
ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল কিশোৰ দাস।
চেন্নাইত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা জনে।
অসমীয়া মিউজিক ভিডিঅ’ৰ লগতে কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ মৃত্যুৰ খবৰক সহজ ভাবে লব পৰা নাই অসমৰ শিল্পী জগতৰ লগতে অসম বাসীয়ে।
মুম্বাইলৈ যোৱাৰ আগমুহুৰ্তত অসমৰ ৰাইজৰ লগতে জুবিন গাৰ্গকে ধৰি বিভিন্নজনে চিকিৎসাৰ ক্ষেত্ৰত সহায়-সহযােগিতা আগবঢ়াইছিল যদিও অৱশেষত সকলোকে এৰি নেদেখা জনৰ ওচৰলৈ গুচি গ’ল অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস।
News desk, Ne India News