অসমৰ উত্তৰণত উগ্ৰপন্থী সংগঠনৰ ভূমিকা

227
Advertisement

এটা সময় আছিল, য’ত চৰকাৰে কোনো যুৱকক চৰকাৰীভাৱে সংস্থাপন দিয়াত ব্যৰ্থ হৈছিল। কোনো উদ্যোগক চৰকাৰী অনুদানেৰে উন্নয়নমূখী যাত্ৰাত সহযোগীতা আগবঢ়োৱা নাছিল। চৰকাৰী ধন পকেটত ভৰোৱাৰ আয়োজন সৰ্বত্ৰে দেখা গৈছিল। ক’ৰবাত পূৰ্ব্বে জ্বলা দলঙৰ মেৰামতিৰ কাম চলিছে – সেয়া সম্পূৰ্ণ হোৱা নাই। ক’ৰবাত কিবা প্ৰকল্পৰ আধাৰশিলা স্থাপন হৈছে – সিয়ো ভাঙি ছিঙি গৈছে।
সেয়া অসমৰ সামগ্ৰীক পৰিস্থিতি। ১৯৮৫ চনৰ পিছৰ কথা। ১৯৮৫ চনৰ আগৰ প্ৰায় ছয়টা বছৰত অসমৰ চুকে-কোণে কেৱল লাঠি আৰু চি. আৰ. পি. মাজে মধ্যে গুলীৰ শব্দ। ৰাতি ল’ৰাবোৰ ঘৰত থাকিব নোৱাৰে। ছাত্ৰ নেতাবোৰ জেলৰ আলহী। ছোৱালী-বোৱাৰীয়ে সকলো সময় শংকাৰে অতিবাহিত কৰে। সেইবোৰ এতিয়া সাধুকথাত পৰিণত হ’ল।
চাবলৈ গ’লে অসম চুক্তিত অসন্তুষ্ট কিছুসংখ্যক যুৱকে স্বাধীনতা বিচাৰি হাতত অস্ত্ৰ তুলি লৈ জনসমাজৰ পৰা বিচ্ছিন্ন হৈ পৰিল। সূদীৰ্ঘ সময়ছোৱাত তেওঁলোকে অসমৰ উত্তৰণত কি অৰিহণা যোগালে, তাক আজি বিচাৰ কৰা অৰ্থহীন। কিন্তু আমি বহুতো সৎ, নিষ্ঠাৱান, তীক্ষ্ণধী মানৱ সম্পদ হেৰুৱালোঁ।
সেই সংগঠনৰ পদাংক অনুসৰণ কৰি অসমত আৰু কিছুমান উগ্ৰপন্থী সংগঠনৰ জন্ম হ’ল। এই সংগঠনসমূহ দমন কৰাৰ বাবে চৰকাৰেও যোৱা বছৰবোৰত ৰাজকোষৰ ধন ভাঙিলে । লাভ কাৰো নহ’ল। মাত্ৰ সময় আৰু জীৱনৰ অপচয়।
বৰ্তমান অসমৰ প্ৰেক্ষাপট সলনি হৈছে। বিৰোধীসকলে, হিমন্ত বিশ্ব শৰ্মা বা বিজেপিক ভাল নোপোৱা লোক সকলে যিমানেই গালি নাপাৰে, যিমানেই চৰকাৰক ব্যৰ্থ প্ৰতিপন্ন কৰাৰ চেষ্টা নকৰক, এটা কথা অনস্বীকাৰ্য যে বৰ্তমানৰ মূখ্যমন্ত্ৰীজন জাতিৰ প্ৰতি সমৰ্পিত, অসমৰ প্ৰতি সমৰ্পিত। তাক বিশ্লেষণ কৰাৰো প্ৰয়োজন নাই। এয়াও সত্য যে চৰকাৰে কৰিব লগীয়া আৰু বহু গুৰুত্বপূৰ্ণ কাম এতিয়াও কৰিবলৈ বাকী। কেইখনমান আঁচনিৰে , কিছুমান চাকৰিৰ সৃষ্টিৰে বা কিছুমান ৰাস্তা- ঘাটৰ উন্নতিৰে চৰকাৰৰ ভাল কামৰ মূল্যায়ন কৰা সম্ভৱ নহয়। তথাপিয়ো ক’ব পাৰি -বৰ্তমান সময়ত অসমত কাম কৰাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। অসমে উত্তৰণৰ দিশত খোজ পেলাইছে। তাৰে গইনা লৈ আমি ক’ব খোজাঁ যে অসমৰ বৃহৎ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ সেনাধ্যক্ষই ভাবি চাওক- বিগত সময়বোৰৰ ব্যৱহাৰ তেওঁলোকে কি ধৰণে কৰিলে। যদি সেই সময়বোৰে অসমৰ সামগ্ৰীক উন্নয়নক লাভান্বিত কৰিছে আমাৰ ক’ব লগীয়া একো নাই। যদিহে ভাবে – অসমৰ উন্নতিত তেওঁলোকে কৰিব লগীয়া বহুত আছে, তেন্তে তেওঁলোকৰ প্ৰত্যাৱৰ্তন ত্বৰান্বিত কৰক।
এই সময়ত যিবোৰ যুৱক-যুৱতীয়ে হাবিয়ে-জংঘলে কঠিন জীৱন যাপন কৰি আছে, আমি ভাবোঁ বৰ্তমানৰ চৰকাৰৰ উন্নয়ন মূলক কৰ্মসংস্কৃতিত তেওঁলোকে কৰিব পৰা, কৰিব লগীয়া বহু কাম বাকী আছে। তেওঁলোকৰ কঠোৰ জীৱন-যাপনৰ অনুশীলনেৰে অসমত এক সেউজ বিপ্লৱৰ সূচনা কৰাৰ সম্ভাৱনা উন্মুক্ত হৈ আছে। অকল সেউজ বিপ্লৱৰ কথা নহয় – ইয়াত উদ্যোগৰো পূৰ্ণ সম্ভাৱনা আছে। বেপাৰ-বাণিজ্য, সাহিত্য-সংস্কৃতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি অসমৰ সৰ্বস্তৰৰ উন্নয়নত তেওঁলোকৰ কৰণীয় যথেষ্ট আছে।
বাতৰি কাকতত পোৱা মতে, প্ৰাক্তন আলফা সদস্যসকলে কৃষি কৰ্মৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। এয়া অতি গুৰুত্বপূৰ্ণ কথা।ভাগ্য পৰিবৰ্তনৰ সম্ভাৱনা। অসম আন্দোলনৰ সময়ত কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে স্বাৱলম্বনৰ আদৰ্শ দেখুৱাইছিল। এৱোঁলোকো তাৰ মাজৰে একোজন। জানিব পৰা গৈছে যে, প্ৰাক্তন আলফা সদস্যসকলক পতিত কৃষি ভূমি উন্নয়নমূখী কামত ব্যৱহাৰৰ বাবে অনুমতি দিবলৈ “প্ৰাক্তন আলফা সমন্বয় ৰক্ষী সমিতি” য়ে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। মূলসুঁতিলৈ ঘূৰি অহা সদস্যসকলৰ লগত চৰকাৰৰ আলোচনা ত্বৰান্বিত কৰাৰ বাবে সমিতিয়ে দাবী জনোৱা বুলিও প্ৰকাশ। আমিও দাবী কৰিম – উগ্ৰপন্থা ত্যাগ কৰি ঘূৰি অহা সদস্যসকলৰ ওপৰত থকা আইনী আৰোপসমূহ চৰকাৰে সোনকালে সমাধান কৰিব লাগে। তেওঁলোকৰ শাৰীৰিক আৰু মানসিক শক্তিক কৰ্মশক্তিলৈ ৰূপান্তৰ কৰাৰ সুবিধা দিব লাগে। যিয়ে এসময়ত হাবিয়ে-জংঘলে কষ্টকৰ সময় অতিবাহিত কৰিছে, তেওঁ নিশ্চয় শাৰীৰিক শ্ৰমক ভয় নকৰে। বৰ্তমান বাহিৰে-ভিতৰে থকা সকলোবোৰ অসমৰ সন্তানে আহি দেশৰ উত্তৰণত অৰিহণা যোগাবলৈ এক বৃহৎ ক্ষেত্ৰ মুকলি হৈছে। বৰ্তমানৰ মূখ্যমন্ত্ৰীও এই পৰিস্থিতিৰ পৰিৱৰ্তন ঘটাবলৈ ইচ্ছুক। তেওঁৰ কথা-বতৰাত তাৰ মুকলি প্ৰকাশ দেখা গৈছে।
আমি আশা ৰাখিছোঁ -এই সুবিধা আলফা স্বাধীনে গ্ৰহণ কৰিব আৰু অসমৰ উত্তৰণত নিজৰ অৱদান আগবঢ়াব। লগতে এই টো কথাও মনত ৰাখিব লাগিব – এসময়ত হোৱাৰ দৰে “চিন্দিকেট” প্ৰথাৰ প্ৰতি যাতে কোনো লালায়িত নহয়। শক্তিৰ অপব্যৱহাৰ যাতে নহয়। সাধাৰণ নাগৰিকে যাতে তেওঁলোকক ভয় কৰি চলিব লগীয়া নহয়।
আমি আশাবাদী।

আৰ কে বেজবৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here