Home Assamese অসমীয়াই ন্যাৰ্য প্ৰাপ্তিৰ বাবে আন্দোলন, চিঞৰ বাখৰ নকৰিলে একো নাপায় :...

অসমীয়াই ন্যাৰ্য প্ৰাপ্তিৰ বাবে আন্দোলন, চিঞৰ বাখৰ নকৰিলে একো নাপায় : শংকৰজ্যোতি বৰুৱা

131

তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ কৰা ছাত্ৰী নিৱাসটো বিগত ১০ বছৰে অৰ্ধনিৰ্মিত হৈ থকাৰ কথাই বিভিন্ন মহলত বিৰূপ চৰ্চা লাভ কৰিছে। ২০১৩ চনত ১, ৫১,৯০,৫০০,০০ কোটি টকা ব্যয় সাপেক্ষে ছাত্ৰী সকলৰ সুবিধাৰ্থে এই দুমহলীয়া ছাত্ৰী নিৱাসটো নিৰ্মাণৰ বাবে শিলচৰৰ মেচাৰ্চ বি.কে কনষ্ট্ৰাকশ্বন নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে আৱন্তন লাভ কৰিছিল ৷ জানিব পৰা মতে, ২০১৩ চনত এই ছাত্ৰী নিৱাসটোৰ একেলগে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত তিনিচুকীয়া জিলাৰ বৰহাপজন হাইস্কুল, বৰডুবি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰগুৰি হাইস্কুলে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত একোটাকৈ ছাত্ৰী নিৱাস লাভ কৰিছিল। সম্প্ৰতি বৰহাপজন হাইস্কুল, বৰডুবি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বৰগুৰি হাইস্কুলৰ ছাত্ৰী নিবাসৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ কেইবাবছৰ পূৰ্বেই ছাত্ৰীৰ বাবে মুকলি কৰি দিয়া হল। তেনেস্থলত ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই ছাত্ৰী নিৱাসটো কি কাৰণত আজিও অৰ্ধ নিৰ্মিত হৈ পৰি ৰল ইয়াক লৈ এতিয়া ৰাইজৰ মাজত বিৰূপ চৰ্চা লাভ কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাই ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্ধনিৰ্মিত ছাত্ৰী নিৱাসটো পৰিদৰ্শন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । আছুৰ সাঃ সম্পাদক গৰাকীয়ে মন্তব্য কৰে যে অসমীয়াই আন্দোলন নকৰিলে , চিঞৰ বাখৰ নকৰিলে একো নাপায় ৷ ন্যাৰ্য প্ৰাপ্তিৰ বাবম অসমে সদায় আন্দোলন কৰিব লগীয়া হয় ৷ আছুৰ সাঃ সম্পাদক গৰাকীয়ে বৃহত্তৰ ছৈখোৱা অঞ্চলৰ ছাত্ৰী সকলৰ সুবিধাৰ্থে আৱন্তন হোৱা ছাত্ৰী নিবাসৰ ধন আচলতে কাৰ পকেটত সোমাল বুলি প্ৰশ্ন তুলিছে । ছাত্ৰছাত্ৰী সকলৰ শৈক্ষিক সমস্যা সমাধান নোহোৱা পৰ্যন্ত ছাত্ৰ সন্থাই সদায় আন্দোলন কৰি যাব বুলি মন্তব্য কৰে ৷ লগতে অতি শীঘ্ৰে ছাত্ৰী নিৱাসটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ চৰকাৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছৈখোৱা দাবী জনাইছে । অন্যথা ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলনৰ পথ বাচি লব বুলি হুংকাৰ দিয়ে আছুৰ সাঃ সম্পাদক গৰাকীয়ে ৷

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here