অসমীয়া সাহিত্য সন্মিলনী”ৰ শাখা গঠন
তাৰিখ ৪ এপ্ৰিল, দেওবাৰে ৰঙাপৰা স্থিত চন্দ্ৰ প্ৰভা পণ্ডিত হিন্দী বিদ্যালয়ত বালিপাৰা আঞ্চলিক সমিতিৰ উপ সভাপতি শ্ৰীযুত আৰ কে বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এখন সাধাৰণ সভাত
অসমীয়া সাহিত্য সন্মিলনীৰ ৰঙাপৰা শাখাটি গঠন কৰা হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমীয়া সাহিত্য সন্মিলনীৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী গণেশ লুইতপৰীয়া আৰু প্ৰচাৰ সম্পাদক শ্ৰীধ্ৰুৱ চন্দ্ৰ দাস।
সভাৰ সিদ্ধান্ত মৰ্মে এথন ১৪ জনীয়া শাখা সমিতি গঠন কৰা হয়।
শাখাটিৰ সভাপতি ৰূপে শ্ৰী স্বপন মৈত্ৰ,
উপ সভাপতিঃ গ্ৰেট প’ল গুৰিয়া,
সম্পাদকঃ ভাস্কৰ সৰকাৰ,
সহঃ সম্পাদকঃ অভিষেক সিং আৰু বিনয় যাদৱ, কোষধক্ষঃ জিতু বসুমতাৰী আৰু
প্ৰচাৰ সম্পাদকঃ চেলিম ছাহজাহান কুৰেচি প্ৰমুখ্যে “অসমীয়া সাহিত্য সন্মিলনী”ৰ ৰঙাপাৰা শাখা সমিতি খন গঠিত হয়।