অসমীয়া চলচ্চিত্ৰ ছবিৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই
অসমীয়া চলচ্চিত্ৰ ছবিৰ প্ৰযোজক প্ৰাঞ্জল ভৰালীৰ দেহাৱসান।দীৰ্ঘ দিন ধৰি অসুস্থ হৈ আছিল প্ৰযোজকজন।দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল মহানগৰীৰ নেমকেয়াৰ হাস্পতালত।দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মংগলবাৰে ৰাতিপুৱা ৫. ৪৫ বজাত ইহলীলা সম্বৰন কৰে।চুৰেন চোৰৰ পুতেক, জোনদা ইমান গুণ্ডা আদি কেইবাখনো ছবি প্ৰযোজনা কৰিছিল প্ৰাঞ্জল ভৰালীয়ে। মৃত্যুৰ সময়ত ভৰালীৰ বয়স আছিল ৬০ বছৰ।ভৰালীৰ মৃত্যত শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ভৰালীৰ মৃত্যু শোকৰ ছাঁ পৰিছে শিল্পী সমাজত।
News Desk,Ne India