ধিং কন্যা হিমা দাসৰ অসমলৈ আগমণ

0
774
SPORTS DESK NE INDIA: বহু প্ৰতীক্ষাৰ অন্তত স্বৰ্ণ কন্যা হিমা দাস অসমলৈ আহিব ৷ দিনৰ ১ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব হিমা দাস ৷ ধিং এক্সপ্ৰছ হিমা দাস অসমলৈ আগমণ,গতিকে সাজু হৈছে অসমবাসী ৷ জন্মস্থান ধিঙৰ লগতে অসম তনয়া হিমাৰ পৰিয়ালটোত সম্প্ৰতি উদুলি মুদুলি পৰিবেশ ৷ ইফালে বৰঝাৰ বিমান বন্দৰত দেখা গ’ল এক ব্যতিক্ৰমী পৰিবেশ ৷ স্বৰ্ণকন্যাক আদৰণি জনাবলৈ বিমান বন্দৰত কৰ্তৃপক্ষই ট্ৰেকৰ আৰ্হিত  ব্যৱহাৰ কৰিছে কাৰ্পেট ৷ উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে স্বৰ্ণকন্যা হিমা দাসক আদৰণি জনাব বৰঝাৰ বিমান বন্দৰত ৷ ধিং এক্সপ্ৰেছ হিমা দাস বৰঝাৰ বিমান বন্দৰৰ পৰা জালুকবাৰীৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধি স্থলীলৈ যাব আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷ ইয়াৰ পিছত হিমা দাস উপস্থিত হ’ব কলাক্ষেত্ৰত ৷ এই অনুস্থানত হিমা দাসৰ পিতৃ মাতৃৰ লগতে উপস্থিত থাকিব ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী আৰু ক্ৰীড়া বিভাগৰ বিষয়াসকল। উল্লেখযোগ্য যে,ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত এছিয়ান গেমছত হিমাই অকলেই ১টা সোণ আৰু ২ টা ৰূপৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ অন্যহাতে ভাৰতে লাভ কৰা মুঠ পদকৰ সংখ্যা হৈছে ৬৯ টা ,ইয়াৰে ১৫ টা সোণ আৰু ২৪ টা ৰূপৰ পদকেৰে বিপৰীতে ৩০ টা বঞ্জৰ পদক ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here