অসমত পুনৰ নাটনি হব পাৰে চিলিণ্ডাৰৰ

8

অসমত পুনৰ নাটনি হব পাৰে চিলিণ্ডাৰৰ

ৰবিবাৰৰ পৰা অনিদিষ্ট কাললৈ বন্ধ থাকিব ৰন্ধন গেছৰ প্ৰকল্পৰ পৰিবহন সেৱা। উত্তৰ পূবৰ সাতটা কৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহন সেৱা বন্ধ থাকিব । যাৰ ফলত নাটনিয়ে দেখা দিব পাৰে চিলিণ্ডাৰৰ ।নৰ্থ-ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছোচিয়েশ্যনে (NEPLTA) ৰবি বাৰৰ পৰা অনিৰ্দিষ্টকাললৈ আহ্বান জনোৱা ধৰ্মঘটৰ বাবেই এই আশংকাই দেখা দিছে। ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড চমুকৈ আই অ’ চি এল কৰ্তৃপক্ষৰ বিৰুদ্ধে স্থানীয় পৰিবহণকাৰী সকলৰ দাবী পূৰণ নকৰাৰ বাবে নৰ্থ-ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছোচিয়েশ্যনে এই ধৰ্মঘটৰ আহ্বান জনাইছে।IOCL য়ে বিভিন্ন অজুহাতত দেখুৱাই ট্ৰেন্সপ’ৰ্টাৰ সকলক প্ৰবঞ্চনা কৰি অহা বুলি অভিযোগ কৰিছে। বন্ধ থাকিব উত্তৰ গুৱাহাটী , সৰ পাৰা, মিৰ্জা ,গোপানাৰি, তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, দুলীয়াজান বটলিং প্লান্টৰ পৰিবন সেৱা। বন্ধৰ ফলত আবদ্ধ হৈ পৰিব শ শ ৰন্ধন গেছ কঢিওৱা বাহন। যাৰ ফলত নাটনি হব পাৰে চিলিণ্ডাৰৰ।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here