Thursday, March 23, 2023
HomeAssameseঅসমত আম আদমী পাৰ্টীৰ উত্থান ! বিজেপি - কংগ্ৰেছ দল ত্যাগ...

অসমত আম আদমী পাৰ্টীৰ উত্থান ! বিজেপি – কংগ্ৰেছ দল ত্যাগ কৰি যোগদান AAPত

ভাৰতবৰ্ষৰ ৰাজনীতিত নতুনকৈ সক্ৰিয় হৈ উঠা আম আদমী পাৰ্টীৰ প্ৰতি যুৱ প্ৰজন্মৰ আকৰ্ষণ বৃদ্ধি পাইছে । অসমত পৌৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰা আম আদমী পাৰ্টীৰ যোগদান সমাৰোহ এখন আজি তিনিচুকীয়াৰ হোটেল প্ৰেচিডেন্টত অনুষ্ঠিত হয় । আম আদমী পাৰ্টীৰ তিনিচুকীয়া জিলাৰ সমন্বয়ক চিণ্টু বৰুৱাৰ নেতৃত্বত আজি জিলাখনৰ কংগ্রেছ , বিজেপি আৰু বিভিন্ন সংগঠনৰ ডিগবৈ আৰু ডুমডুমা সমষ্টিৰ ৪০ গৰাকী ব্যক্তিয়ে আম আদমী পাৰ্টীৰ প্ৰতি আস্থা প্ৰকাশ কৰি যোগদান কৰে । যোগদান অনুষ্ঠানটোত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ যুটীয়া সমন্বয়ক উত্তম দাস, জিলাৰ উপদেষ্টা বিজয় কুমাৰ বৰুৱা, জিলাৰ সাংগঠনিক সম্পাদক তুলতুল বৰা, যুৱ শক্তিৰ আহ্বায়ক হিৰান্ময় বুঢ়াগোহাঁইকে আদি কৰি দলৰ কেইবাজনো সদস্য।

আনহাতে দলৰ তিনিচুকীয়া জিলাৰ সমন্বয়ক চিণ্টু বৰুৱাই জনায় যে তিনিচুকীয়া জিলাৰ ৰাইজৰ যিকোনো সমস্যাৰ বাবে পোনপটীয়াকৈ তেওঁলোকক জনাবলৈ ট্ৰল ফ্ৰী নম্বৰ ৬০০২৭৬২২৫৫ মুকলি কৰে।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments