অসমতো অনুষ্ঠিত হব ডুৰাণ্ড কাপ ফুটবল

8

অসমতো অনুষ্ঠিত হব ডুৰাণ্ড কাপ ফুটবল

প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব গুৱাহাটীত ডুৰাণ্ড কাপ ফুটবলৰ ১০ খন খেল !এইবাৰ ১৩১ তম ডুৰাণ্ড কাপ ফুটবল প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব। এছিয়া মহাদেশৰ সম্মানীয় ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা এইবাৰ দেশৰ তিনিটা স্থানত অনুষ্ঠিত হব।দেশৰ অতি পুৰণি ডুৰান্ড কাপৰ ১৩১ সংখ্যক খেলৰ উদ্ধোধনী খেলখন ১৭ আগষ্টত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ই উদ্ধোধন কৰিব সম্মানীয় প্ৰতিযোগিতাখন।গুৱাহাটীৰ সৰু সজাইত মুঠ দহ খন লীগ খেল অনুষ্ঠিত হব।ভাৰতীয় সেনা আৰু অসম চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত গুৱাহাটীত অনুষ্ঠিত হব ডুৰান্ড কাপৰ খেল। মুখ্যমন্ত্ৰীয়ে ২১ জুলাইত ডুৰান্ড কাপৰ ওপৰত সংবাদ মাধ্যমক সম্বোধন কৰিব, উক্ত সংবাদ মেলত ভাৰতীয় সেনা বাহিনীৰ শীৰ্ষ বিষয়াও উপস্থিত থাকিব।

Sports Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here