অভিনেত্ৰী Jacqueline Fernandezলৈ আদালতৰ জাননী
দিল্লীৰ পাটিয়ালা হাউচ কোৰ্টে অভিনেত্ৰী Jacqueline Fernandezলৈ জাননী প্ৰেৰণ কৰিছে । ২৬ চেপ্তেম্বৰত আদালতত হাজিৰ হোৱা আদেশ আদালতৰ ।
২০০ কোটিৰ অবৈধ ধন সৰবৰাহ গোচৰত অভিযুক্ত অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডিজ এই জাননী প্ৰেৰণ কৰিছে পাটিয়ালা হাউচ কোৰ্টৰ বিশেষ ন্যায়ধীশ প্ৰবীণ সিঙে ।
Read more-Irfan Pathan is all set to rock the theater as his debut film Cobra
মানি লণ্ড্ৰিং ৰ সৈতে জেকলিনৰ সম্পৰ্ক কি
Enforcement Directorate চমুকৈ EDৰ ভাষ্য অনুসৰি , চুকেশ চন্দ্ৰশেখৰে অবৈধ ভাৱে সংগ্ৰহ কৰা ধনৰ পৰা প্ৰায় ৫ কোটি ৭১ লাখ টকাৰ উপহাৰ দিছিল অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডিজক । চুকেশ চন্দ্ৰশেখৰে এই উপহাৰ এগৰাকী সহযোগী পিংকি ইৰাণীৰ জৰিয়তে অভিনেত্ৰী গৰাকীক প্ৰদান কৰিছিল ।

উল্লেখ্য যে , ২০২১ বৰ্ষৰ ৩০ আগষ্ট আৰু ২০ আগষ্টত ED য়ে কৰা জেৰাত অভিনেত্ৰী জেকলিনে , চুকেশ চন্দ্ৰশেখৰৰ পৰা উপহাৰ লোৱাৰ কথা স্বীকাৰ কৰিছিল । তাৰপিচতে ED য়ে জেকলিন ফাৰ্নাণ্ডিজৰ ৭ কোটি ১২ লাখ টকাৰ সম্পত্তি জব্দ কৰিছিল ।
দিল্লী আৰক্ষীয়ে কৰিব জেৰা
দিল্লী আৰক্ষীৰ আৰ্থিক অপৰাধ শাখাই জেৰা উপস্থিত হবলৈ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডিজলৈ চমন জাৰি কৰিছে । ১২ চেপ্তেম্বৰত দিল্লী আৰক্ষীৰ জেৰাৰ সন্মুখীন হব লাগিব জেকলিন ।
National Desk , Ne India News