Sunday, March 26, 2023
HomeAssameseঅভিনেতা ছলমান খানে লাভ কৰিলে বন্দুকৰ অনুজ্ঞাপত্ৰ

অভিনেতা ছলমান খানে লাভ কৰিলে বন্দুকৰ অনুজ্ঞাপত্ৰ

অভিনেতা ছলমান খানে লাভ কৰিলে বন্দুকৰ অনুজ্ঞাপত্ৰ

ছলমান খানে লাভ কৰিলে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ। এতিয়াৰে পৰা ছলমান খানে আত্মৰক্ষাৰ বাবে নিজৰ লগত ৰাখিব পাৰিব বন্দুক। অভিনেতাজনে ২২ জুলাই তাৰিখে অনুজ্ঞাপত্ৰৰ আবেদন সন্দৰ্ভত লগ কৰিছিল মুম্বাইৰ আৰক্ষী উপায়ুক্ত বিবেক ফনচালকাৰক।

উল্লেখযোগ্য যে ছলমান খানে পাঞ্জাৱৰ কন্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত জড়িত লৰেন্স বিঞ্চোই দলৰ পৰা লাভ কৰি আহিছিল মৃত্যুৰ ভাবুকি। যোৱা ৫ জুন পুৱা ছলমান খানৰ পিতৃ চেলিম খানে খোজ কাঢ়িবলৈ যাওঁতে লাভ কৰিছিল কোনো এক অচিনাকি ব্যক্তিৰ পৰা হত্যাৰ ভাবুকি ভৰা পত্ৰ।

ইয়াৰ পিছতেই অভিনেতা গৰাকীয়ে অস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰৰ বাবে যোৱা ২২ জুলাইৰ দিনা উপস্থিত হৈছিল মুম্বাইৰ CP কাৰ্যালয়ত। আৰু এই সন্দৰ্ভত বিবেক পানচালকাৰৰ সৈতে হৈছিল প্ৰায় আধা ঘন্টাৰ আলোচনা। আৰু অনুজ্ঞাপত্ৰ প্ৰাপ্ত কৰাৰ প্ৰক্ৰিয়াসমূহ আৰু প্ৰফাইল প্ৰমাণীকৰণৰ অন্তত অভিনেতা গৰাকীয়ে লাভ কৰিলে অস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰ।

Entertainment Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments