Sunday, May 28, 2023
HomeAssameseঅভিনেতা চলমান খানৰ সম্পত্তিৰ উত্তৰাধিকাৰী কোন হব ? কি কলে অভিনেতা গৰাকীয়ে

অভিনেতা চলমান খানৰ সম্পত্তিৰ উত্তৰাধিকাৰী কোন হব ? কি কলে অভিনেতা গৰাকীয়ে

অভিনেতা চলমান খানৰ বিবাহৰ বাবে চলমানৰ গুণগ্ৰাহী সকল অপেক্ষাত আছে যদিও দৰাৰ সাজ পিন্ধিবলৈ সাজু নহয় অভিনেতা চলমান । বৰ্তমান চলমান খান ৫৬ বছৰ বয়সত ভৰি দিছে যদিও গুণগ্ৰাহী এতিয়াও চলমান বিয়াৰ খবৰ পাবলৈ উৎসুক হৈ আছে ।
ছবি তথা বিজ্ঞাপনত অভিনয় কৰি অভিনেতা চলমান খানে প্ৰতিবছৰে এক ঈৰ্ষাজনক পাৰিশ্ৰমিক লাভ কৰে । মিডিয়া ৰিপৰ্ট অনুসৰি চলমান খান প্ৰায় ২৩০০ কোটি টকাৰ সম্পত্তিৰ গৰাকী । বলিউডৰ আটাইতকৈ অধিক পাৰিশ্ৰমিক পোৱা অভিনেতা সকলৰ মাজৰ এগৰাকী চলমান খান ।
শেহতীয়া ভাৱে অভিনেতা চলমান খানে এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে তেওঁ‌ৰ সম্পত্তিৰ উত্তৰাধিকাৰী কোন হব ? সাক্ষাৎকাৰত অভিনেতা গৰাকীয়ে প্ৰকাশ কৰিছে যে তেওঁ‌ বিবাহপাশত আৱদ্ধ হওকে বা নহওক তেওঁ‌ ৫০ শতাংশ সম্পত্তি ন্যাসলৈ যাৱ । লগতে তেওঁ‌ কয় , যদিহে তেওঁ‌ বিবাহ পাশত আৱদ্ধ নহয় তেতিয়া তেওঁ‌ৰ সমস্ত সম্পত্তি ন্যাসলৈ যাৱ ।

Entertainment Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments