অবৈধ ভাবে নাও ঘাট আবন্তন দিয়াৰ অভিযোগ গাওঁ পঞ্চায়ততৰ সভাপতিৰ বিৰুদ্ধে

5

অবৈধ ভাবে নাও ঘাট আবন্তন দিয়াৰ অভিযোগ গাওঁ পঞ্চায়ততৰ সভাপতিৰ বিৰুদ্ধে

পুৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওন্দোলাঝাৰ গাওঁ পঞ্চায়ততৰ সভাপতিৰ ময়মতালি অভিযোগ।

অবৈধ ভাবে নাও ঘাট আবন্তন দিয়াৰ অভিযোগ।
নাও ঘাট আবন্তন দিয়াৰ নামত বহু পৰিমাণৰ টকাৰ লেনদেন হোৱাৰ অভিযোগ ৰাইজৰ।
নিবিদা অবিহনে নাও ঘাট আবন্তন দিয়ে ওন্দোলাঝাৰ গাওঁ পঞ্চায়তৰ সভাপতি বাবুলুৰ ৰহমানে। এই অভিযোগ উত্থাপিত হৈছে পঞ্চায়ত খনত।

বছৰ বছৰ ধৰি মছজিদ আৰু মাদ্ৰাছা পৰিচালনা সমিতিয়ে চলাই থকা নাও ঘাট টি আচম্বিত ভাবে কোনো জাননী নিদিয়াকৈ
অবৈধ ভাবে ব্যক্তিগত এজন ব্যক্তিক প্ৰদান কৰা কাৰ্যক মছজিদ আৰু মাদ্ৰাছা পৰিচালনা সমিতিয়ে বিৰোধ কৰা পৰিলক্ষিত হ’ল।
এই পাৰ ঘাট টি নতুনকৈ নিবিদা দিয়াৰ ক্ষেত্ৰত খন্ড উন্নয়ন বিষয়া আৰু জিলা উন্নয়ন বিষয়াৰ অলক্ষিতে খোদ সভাপতি আৰু ওন্দোলাঝাৰ গাওঁ পঞ্চায়তৰ সচিবে আবন্তন দিয়া বুলি অভিযোগ স্থানীয় ৰাইজৰ।

পংকজ সৰকাৰ, মঙ্গলদৈ, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here