Sunday, December 4, 2022
HomeAssameseঅবৈধ কয়লা খননৰ বিৰুদ্ধে কঠোৰ মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসন, আটক ডেভিদ নাগাৰ দুই...

অবৈধ কয়লা খননৰ বিৰুদ্ধে কঠোৰ মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসন, আটক ডেভিদ নাগাৰ দুই সহযোগী 

অবৈধ কয়লা খননৰ বিৰুদ্ধে কঠোৰ মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসন, আটক ডেভিদ নাগাৰ দুই সহযোগী 

পুনৰ আৰক্ষী জালত ডেভিদ নাগাৰ দুই সহযোগী কয়লা মাফিয়াসহ ৩ জন ।

তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত অসম – অৰুণাচল সীমান্তবৰ্তী মালৌ গাওঁ স্থিত অবৈধ কয়লা খনিত সংঘটিত ভয়ংকৰ ঘটনাৰ পাছতে যেন তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন।

আৰক্ষীৰ জালত পৰিছে ঘটনাৰে জড়িত ইজনৰ পিছত সিজন কয়লা মাফিয়া। এইবাৰ আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে উক্ত অবৈধ কয়লা খনিৰ গৰাকী ডেভিদ নগাৰ দুই মূল সহযোগীক।

মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো, লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ ফুকন আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোৱঁৰৰ নেতৃত্বত আৰক্ষীয়ে এক অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ডেভিদ নাগাৰ দুই সহযোগীক।

ধৃত দুই কয়লা মাফিয়া ডেভিদ নাগাৰ অবৈধ কয়লা খনন কাৰ্যত জড়িত আছিল। ধৃত দুই কয়লা মাফিয়া ক্ৰমে ছফিকুল ইছলাম আৰু হজৰত ওচমান গণি।

অন্যহাতে তিনি শ্ৰমিকৰ মৃতদেহ গাঁত খান্দি পুতিবলৈ ব্যৱহাৰ কৰা দুখন জেচিবিৰো আৰক্ষীযে ঘন জংঘলত লুকাই থোৱাৰ পৰা জব্দ কৰে।এখন জেচিবিৰৰ ড্ৰাইভাৰো আৰক্ষী হাতত আটক হয়।

অবৈধ কয়লা খননৰ বিৰুদ্ধে কঠোৰ মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসন, আটক ডেভিদ নাগাৰ দুই সহযোগী 

কিন্তু বৰ্তমানেও আৰক্ষীয়ে এই ঘটনা লগত জড়িত মূল অপৰাধী দেভিদ নাগাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু কয়লা মাফিয়া জয়নাল আলিক গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হোৱা নায় কিন্তু অবৈধ কয়লা মাফিয়া বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰাৰ এই তৎপৰতাৰ পাছতে মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ অবৈধ কয়লা ব্যৱসায়ী সকলৰ মাজত এক আতংকময় পৰিবেশে বিৰাজ কৰিছে আৰু কয়লা মাফিয়া সকল পলাতক । উল্লেখ্যে যে ইতিমধ্যে উক্ত ঘটনাৰ লগত জডিত ৮ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments