অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ নিজৰ দুই কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে

0
115

অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ নিজৰ দুই কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে

এক শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশকে ।এফালে বিজ্ঞানৰ উন্নতিৰ সৈতে সকলো
আগুৱাই গৈছে আৰু আনফালে একাংশ শিক্ষিত লোক অন্ধবিশ্বাসৰ বশৱৰ্তী হৈছে।অন্ধ্ৰপ্ৰদেশত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়েই এহাল শিক্ষক দম্পতিয়ে দুই উচ্চ শিক্ষিতা কন্যাক বলি দিয়াৰ ঘটনা পোহৰলৈ আহিছে।

পদ্মজা নাইডু আৰিু পুৰোষত্তম নাইডুৱে তেওঁলোকৰ দুই কন্যা ক্ৰমে ২৭ বছৰীয়া আলেখ্যা আৰু ২২ বছৰীয়া দিব্যাক অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ হত্যা কৰাৰ কথাই সকলোকে স্তম্ভিত কৰি তুলিছে।নাইডু পৰিয়ালৰ চুবুৰীয়াই অদ্ভুত শব্দ ভাঁহি অহা শুনিবলৈ সন্দেহ কৰি আৰক্ষীক অৱগত কৰিছিল।আৰক্ষীয়ে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত নাইডুৰ ঘৰত অভিয়ান চলাই।আৰক্ষীয়ে দেখে যে পূজা কৰা ঘৰৰ কাষতে মৃত অস্থাত পৰি ৰৈছে দুই কন্যাৰ দেহ।এটা মৃতদেহ ৰঙা কাপোৰেৰে ঢকা অৱস্থাত আছিল।

আৰক্ষীৰ জেৰাত নাইডু দম্পতিয়ে প্ৰকাশ কৰে যে ভগৱানক সন্তুষ্ট কৰাৰ বাবেই তেওঁলোকে নিজৰ দুই কন্যাক মূৰত আঘাত কৰি হত্যা কৰিছে। মৃত্যুৰ পিছদিনাই দুই কন্যাই পুনৰ জনম লাভ কৰিব আৰু তেওঁলোকৰ জীৱন অতি সুখৰ হ’ব।

News Desk Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here