অন্তসত্তা অৱস্থাত এৰি পলায়ন প্ৰেমিকৰ

0
830

 

অন্তসত্তা অৱস্থাত এৰি পলায়ন প্ৰেমিকৰ
এবছৰৰ গভীৰ প্ৰেমৰ অন্তত প্ৰেমিকাক অন্তসত্তা কৰি পলায়ন পাষণ্ড প্ৰেমিকৰ । চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে , পশ্চিম কাটিগড়াৰ বাংলাদেশ সীমান্তৱৰ্তী গুমড়া বাগানত । গুমড়া বাগানৰ ১৮ বৰ্ষীয় নন্দিনী মুণ্ডা (সলনি কৰা নাম) ৰ সৈতে বাটুলমাৰা বাগানৰ ৰাজীৱ চাওতাল (২৫) ৰ প্ৰেম চলিছিল । প্ৰেমত অন্ধ হৈ নন্দিনীয়ে শাৰীৰিক সম্বন্ধ স্থাপন কৰে ৰাজীৱ চাওতালৰ সৈতে । ফলশ্ৰুতিত নন্দিনী গৰ্ভৱতী হয় । এই বিযয়ে ৰাজীৱক অৱগত কৰোৱাত নন্দিনীক বিয়া পাতিবলৈ মান্তি হয়  ।

যোৱা ১৪ জুলাইত ৰাজীৱে নন্দিনীক চিকিৎসা কৰোৱাৰ অজুহাত দেখুৱাই হাফলং যাবলৈ শিলচৰলৈ ৰাওনা হয় । শিলচৰ ষ্টেচনত নন্দিনীক ট্ৰেনত উঠাই দি , খোৱা সামগ্ৰী আনিম বুলি কৈ ৰাজীৱ উদাও হয় । ইতিমধ্যে ট্ৰেনে যাত্ৰা আৰম্ভ কৰাত উপায়ন্তৰ নন্দিনীয়ে চলন্ত ট্ৰেনৰ পৰা জাপ মাৰি দিয়ে । শিলচৰ ষ্টেচনৰ ৰেল পুলিচে নন্দিনীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰি , দুদিন পিচত গুমড়া বাগানৰ নিজ ঘৰত চমজাই দিয়ে নন্দিনীক । নন্দিনীৰ দুৰৱস্থা খবৰ সমগ্ৰ  অঞ্চলত বিয়পি পৰে । যোগাযোগ কৰা হয় ৰাজীৱ চাওতালৰ পৰিয়ালৰ সৈতে । কিন্ত ৰাজীৱৰ পৰিয়ালৰ নিৰ্লিপ্তাৰ বাবে অৱশেষত গাওঁ‌বাসীয়ে এখন গাওঁ‌ সভা অনুষ্টিত কৰে । কিন্ত গাওঁ‌সভাত বিযয়টো নিষ্পত্তি নোহোৱাত উপায়ন্তৰ নন্দিনী আৰু নন্দিনীৰ পৰিয়াল গুমড়া আৰক্ষীৰ শৰাণাপন্ন হয় । ৰাজীৱ চাওতালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰক্ষীয়ে । আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰিছে যদিও তদন্ত প্ৰক্ৰিয়া এতিয়াও আৰম্ভ কৰা নাই । অভিযুক্ত ৰাজীৱ চাওতাল এতিয়াও পলাতক ।

(প্ৰদীপ্ত পুৰকায়স্থ , কাটিগড়া Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here