অনিমেশ ভূঞা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ

40

ৰাজ্য কঁপোৱা যোৰহাট চহৰৰ মাজ-মজিয়াত দিন দূপৰতে সংঘটিত হোৱা অনিমেশ ভূঞা হত্যাকাণ্ডৰ আজিৰে পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অনিমেশ ভূঞা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰে চৰকাৰী অধিবক্তা হিচাপে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীক নিযুক্তি দিছে। ২০২১ বৰ্ষৰ ২৯ নৱেম্বৰত যোৰহাট চহৰত অনিমেশ ভূঞা হত্যাকাণ্ড সংঘটিত হৈছে। এটা ক্ষুদ্র ঘটনাৰ বাবে একাংশ উন্মত্ত লোকে মৰিয়াই মৰিয়াই নৃশংসভাৱে অনিমেশ ভূঞাক হত্যা কৰিছিল।অনিমেশ ভূঞা হত্যাকাণ্ডৰ মূঠ ১৪ গৰাকী অভিযুক্তৰ ভিতৰত মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নিৰজ দাসৰ আৰক্ষী জিম্মাত থকা সময়তে এনকাউণ্টাৰত মৃত্যু হৈছিল। ক’লা ল’ৰাৰ মৃত্যুত ৰাজ্যবাসীয়ে আনন্দ-উল্লাস কৰিছিল। জানিব পৰা মতে বৰ্তমানলৈ অনিমেশ ভূঞা হত্যাকাণ্ডৰ মুঠ ৯২ গৰাকী সাক্ষী আছে যদিও এই সাক্ষীৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here