অধীৰ ৰঞ্জন চৌধুৰীৰ মন্তব্য ৰাষ্ট্ৰবিৰোধী , দেশবিৰোধীঃ কিৰেণ ৰিজিজু

10

অধীৰ ৰঞ্জন চৌধুৰীৰ মন্তব্য ৰাষ্ট্ৰবিৰোধী , দেশবিৰোধীঃ কিৰেণ ৰিজিজু

কংগ্ৰেছ সংসদীয় দলৰ নেতা অধীৰ ৰঞ্জন মন্তব্যক লৈ আক্ৰমণাত্মক হৈ আছে বিজেপি । মহামহিম ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক লৈ অভদ্ৰ টিপ্পনী কৰা কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে সংসদৰ পৰা ৰাজপথলৈ যুঁ‌জ অব্যাহত ৰাখিছে বিজেপি । বৃহস্পতিবাৰে লোকসভাত বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী আৰু কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক তুলাধুনা দিছিল । কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী তুলিছিল স্মৃতি ইৰাণীয়ে ।
আজি শনিবাৰে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীক পুনৰ আক্ৰমণ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ মতে , অধীৰ ৰঞ্জন চৌধুৰী জানি বুজিয়েই অপমাণ কৰিছে ৰাষ্ট্ৰপতিক । লগতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় , কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ ৰাষ্ট্ৰপতিক অপমাণ কৰি দিয়া সেই বক্তব্য ৰাষ্ট্ৰবিৰোধীয়েই , দেশবিৰোধী ।

National Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here