অতুল বৰাক স্মাৰক পত্ৰ প্ৰদান লেকাং বাসীৰ
অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনৰ সৈতে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই সীমা সমস্যাকলৈ বহিছে বৈঠকত।
অৰুণাচল আৰু অসমৰ সীমান্ত ডিৰাক গেটত কৃষি মন্ত্ৰীক লগ ধৰিলে অৰুণাচল প্ৰদেশৰ লেকাংবাসী ৰাইজে।
লেকাং অঞ্চলৰ ৰাইজে কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰাৰ দাবী জনাই ৰাজপথতে স্মাৰক পত্ৰ দিলে কৃষি মন্ত্ৰীক।
বিশেষকৈ অৰুণাচলৰ নামচাই জিলাৰ লেকাং অঞ্চলত বাস কৰা কেইবাটাও ভূমিপুত্ৰ জনগোষ্ঠীয়ে স্থায়ী বাসিন্দাৰ পত্ৰ অৰুণাচল চৰকাৰৰ পৰা লাভ নকৰি বঞ্চিত হৈ আহিছে। ১৫ছেপ্টেম্বৰ ভিতৰত সমস্যা সমাধান নকৰিলে ডিৰাক গেট উঠাই দিয়াৰ হুংকাৰ লেকাংবাসীৰ।
ৰন্টু বৰশীইকীয়া , তিনিচুকীয়া , Ne India News