Tuesday, March 21, 2023
HomeAssameseঅগ্নিবীৰ নিয়োগ ২০২২, অগ্নিবীৰ ভাৰতীয় ৰেলীৰ অধিসূচনা জাৰি

অগ্নিবীৰ নিয়োগ ২০২২, অগ্নিবীৰ ভাৰতীয় ৰেলীৰ অধিসূচনা জাৰি

অগ্নিবীৰ নিয়োগ ২০২২, অগ্নিবীৰ ভাৰতীয় ৰেলীৰ অধিসূচনা জাৰি 

ভাৰত চৰকাৰৰ অভিলাষী অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰৰ নিযুক্তিৰ বাবে ভাৰতীয় সেনাই অগ্নিবীৰ নিয়োগ ৰেলী অধিসূচনা জাৰি কৰিছে । প্ৰাৰ্থীসকলে অনলাইন পঞ্জীয়ন কৰাটো বাধ্যতামূলক। ইয়াৰ বাবে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট joinindianarmy.in -ত যাব লাগিব। পঞ্জীয়ন প্ৰক্ৰিয়া জুন ২০২২ -ৰ পৰা আৰম্ভ হ’ব ।

নিয়োজিত হ’ব লগীয়া পদ সমূহ হ’ল-
* অগ্নিবীৰ জেনেৰেল ডিউটি
* অগ্নিবীৰ টেকনিকেল( এভিয়েটৰ/ ইউৰেচন)
* অগ্নিবীৰ ট্ৰেডছ্মেন দশম শ্রেণী উত্তীৰ্ণ
* অগ্নিবীৰ ট্ৰেডছ্মেন অষ্টম শ্রেণী উত্তীৰ্ণ

নিয়োগৰ অধিসূচনা:
নিযুক্তিসমূহ যোগ্যতাৰ আধাৰত হ’ব। কেৱল নিযুক্তি প্ৰক্ৰিয়াত উত্তীৰ্ণ হোৱাসকলে সেনাত নিযুক্তিৰ দাবী কৰাৰ কোনো অধিকাৰ নাথাকিব। লগতে যিসকল প্ৰাৰ্থীৰ প্ৰয়োজনীয় প্ৰমাণপত্র নাথাকিব, তেওঁলোক নিজেই প্ৰত্যাখানৰ বাবে দায়ী হ’ব।

দৰমহাৰ পৰিমাণ:
অধিসূচনা অনুসৰি, প্ৰাৰ্থীসকলক চাৰি বছৰৰ বাবে নিয়োজিত কৰা হ’ব। এই সময়ছোৱাত প্ৰত্যেক বছৰে ৩০ দিনৰ বাবে ছুটি লাভ কৰিব। সেনাৰ প্ৰথম বছৰত দৰমহা হ’ব ৩০,০০০ আৰু ভাট্টা, দ্বিতীয় বৰ্ষত ৩৩,০০০ আৰু ভাট্টা, তৃতীয় বৰ্ষত ৩৬,০০০ আৰু ভাট্টা আৰু শেষৰ বৰ্ষত ৪০,০০০ দৰমহা আৰু ভাট্টা প্ৰদান কৰা হ’ব।

পদানুক্ৰম অনুসৰি অৰ্হতা:
* জেনেৰেল ডিউটিৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলে দশম শ্রেণীত নিম্নতম ৪৫ শতাংশ নম্বৰৰ সৈতে উত্তীৰ্ণ হোৱা হ’ব লাগিব।
* টেকনিকেল এভিয়েটৰ আৰু ইউনুৰেচনৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত আৰু ইংৰাজী বিষয়ত ৫০ শতাংশ নম্বৰৰ সৈতে দ্বাদশ শ্রেণী উত্তীৰ্ণ হ’ব লাগিব।
* ক্ল’ৰ্ক/ ষ্টৰকিপাৰ পদৰ বাবে যিকোনো ষ্ট্ৰীমৰ পৰা ৬০ শতাংশ নম্বৰ লাভ কৰি দ্বাদশ উত্তীৰ্ণ হব লাগিব । ইংৰাজী আৰু গণিতত ৫০ % নম্বৰ লাভ কৰা হব লাগিব ।
ট্ৰেডছমেন পদৰ বাবে ৩৩ শতাংশ নম্বৰ লৈ ১০ম আৰু ৮ম উত্তীৰ্ণ হব লাগিব । ১০ ম আৰু ৮ ম উত্তীৰ্ণৰ বাবে বেলেগ বেলেগকৈ পদ দিয়া হব ।
সকলো পদৰ বাবে চাৰে ১৭ বছৰৰ পৰা ২৩ বছৰলৈ নিৰ্ধাৰণ কৰি দিয়া হৈছে ।
NCC ৰ চাৰ্টিফিকেট থকা সকলে পাব বিশেষ সুবিধা —
সকলো পদৰ বাবে NCC ৰ চাৰ্টিফিকেট লাভ কৰা প্ৰাৰ্থী সকলে ৫ নম্বৰ বোনাছ হিচাপে লাভ কৰিব । NCC (B) প্ৰমাণপত্ৰ থকা সকলে পাব ১০ বোনাছ নম্বৰ । NCC (C) প্ৰমাণপত্ৰ লাভ কৰা সকলে পাব ১৫ বোনাছ নম্বৰ ।

News Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments