অগ্নিবীৰ, অগ্নিপথ আৰু অগ্নিপৰীক্ষা ! দেশৰ তিনিও সেনাৰ যৌথ সংবাদমেল
কেন্দ্ৰীয় চৰকাৰে অতি শেহতীয়া ভাৱে ঘোষণা কৰা অগ্নিপথ আঁচনিক লৈ বিৰোধী দল সমুহ আক্ৰমণাত্মক হৈ উঠিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে । বিহাৰ , উত্তৰপ্ৰদেশ এই আঁচনিৰ বিৰোধীতাৰ নামত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে উপদ্ৰৱকাৰীয়ে । ধ্বংস কৰিছে চৰকাৰী সা-সম্পত্তি । জ্বলাই দিছে ৰেলগাড়ী, আক্ৰমণ কৰিছে নিৰাপত্তাৰক্ষীক ।
দেশৰ যুৱ প্ৰজন্মক বিৰোধী দল সমুহে বিপথে পৰিচালিত কৰিছে অভিযোগ উত্থাপন কৰিছে শাসকীয় বিজেপি দলে ।
বিৰোধী আৰু শাসক দলৰ মাজত অব্যাহত থকা বাকযুদ্ধ তথা প্ৰতিবাদকাৰীৰ প্ৰতিবাদৰ মাজতে ৰবিবাৰে এক সংবাদমেলৰ জৰিয়তে অগ্নিপথ আঁচনি সন্ধৰ্ভত সেনাৰ পক্ষ ডাঙি ধৰে । যৌথ সংবাদ মেলত স্থল , জল আৰু বায়ুসেনাৰ কামাণ্ডাৰ উপস্থিত থাকে ।
অগ্নিপথ আঁচনি কোনো পৰিস্থিতিতে বাতিল কৰা নহব বুলি গুৰুত্বপুৰ্ণ মন্তব্য আগবঢ়াই সেনাই ।
যৌথ সংবাদমেলত সেনাৰ পক্ষৰ পৰা কয় ,অগ্নিবীৰত ভৰ্তিৰ বাবে ১ জুলাইৰ পৰা অধিসুচনা জাৰি কৰিব । অগ্নিবীৰ স্কীমৰ দ্বাৰা সেনাত ভৰ্তিৰ বাবে আগষ্টৰ দ্বিতীয় সপ্তাহ প্ৰথমটো ৰেলী অনুষ্ঠিত কৰা হব । ৰেলীত শাৰীৰিক আৰু মেডিকেল টেষ্ট হব তাৰপিচতে লিখিত পৰীক্ষাত বহিব লাগিব । আগষ্টৰ পৰা নবেম্বৰলৈ দুটা ৰেলী অনুষ্ঠিত কৰা হব । প্ৰথম পৰ্যায়ত ২৫০০০ অগ্নিবীৰক ভৰ্তি কৰোৱা হব সেনাত । সমগ্ৰ দেশত মুঠ ৮৩ টা ৰেলী অনুষ্ঠিত কৰা হব ।
বায়ু সেনাৰ বাবে ২৪ জুন আৰু নেভিৰ বাবে ২৫ জুনত অধিসুচনা জাৰি কৰা হব ।
অগ্নিবীৰ সকলৰ লগত কোনো ধৰণৰ ভেদ ভাৱ কৰা নহব বুলি সংবাদমেলত আশ্বাস দিয়ে তিনিও সেনাই । চিয়াচীনৰ দৰে অঞ্চলত কৰ্মৰত সেনা জোৱান সকলে যি ভাট্টা লাভ কৰে , অগ্নিবীৰ সকলেও লাভ কৰিব একেই ভাট্টা । সেনা জোৱানে যি পোচাক পিন্ধে একেই পোচাক লাভ কৰিব অগ্নিবীৰ সকলেও । সেনা জোৱানে যি খাদ্য খায় একেই খাদ্য খাব অগ্নিবীৰে , সেনা জোৱান যেনে বেৰেকত থাকে তেনে বেৰেক লাভ কৰিব অগ্নিবীৰ সকলেও ।
সংবাদমেলত লেফটেন্ট জেনেৰেল অনিল পুৰীয়ে গুৰুত্বপুৰ্ণ ঘোষণা কৰে । অনিল পুৰীয়ে কয় , সেনাত ভৰ্তি হব খোজা প্ৰতিগৰাকী অগ্নিবীৰে শপত পত্ৰ দিব লাগিব । অগ্নিবীৰে শপত পত্ৰ দি পৰিস্কাৰ কৰিব লাগিব যে , শেহতীয়া ভাৱে হৈ যোৱা বা অব্যাহত থকা প্ৰতিবাদ, আন্দোলনত তেওঁলোক জড়িত নাই । অনুশাসন সেনাৰ বুনিয়াদী প্ৰয়োজন । যদি কোনো অগ্নিবীৰৰ বিপক্ষে সামন্যতমো প্ৰমাণ পোৱা যায়, সেইগৰাকী অগ্নিবীৰক সেনাত ভৰ্তি হোৱাত বাধা দিয়া হব ।
National Desk, Ne India News