অগ্নিপথ আঁচনিৰ বিৰুদ্ধে মাকুমত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
সমগ্ৰ দেশতে তোলপাৰ লগোৱা কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে আজি হাপজান ব্লক কংগ্ৰেছ কমিটিয়ে মাকুম চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলগেটৰ সমীপত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰে।কংগ্ৰেছ দলৰ যুৱ নেতা শিৱনাথ চেতিয়াই নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে বছৰে কোটি কোটি যুৱকক চৰকাৰী চাকৰি দিম বুলি আভুৱা ভাৰি এতিয়া দেশৰ সেনা বাহিনীকো ঠিকাৰ অধীন কৰি চাৰি বছৰীয়া চাকৰিৰ যি আঁচনি গ্ৰহণ কৰিছে সেয়া দেশৰ জনসাধাৰণৰ বাবে অতিকৈ দূৰ্ভাগ্যজনক বুলি উল্লেখ কৰে।কংগ্ৰেছৰ নেতা কৰ্মী সকলে বিজেপি চৰকাৰৰ এনে জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে।