অংগনবাড়ী কেলেংকাৰীৰ তদন্ত হব – মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰক্ষ্ম 

0
909

 

NEWS DESK NE INDIA: সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত অংগনবাড়ীৰ ভূৱা শিশু তথ্য সম্পৰ্কীয়  কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই ৷ লগতে মন্ত্ৰী ব্ৰহ্মই মন্তব্য কৰে যে এই  সমগ্ৰ বিষয়টোক লৈ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব |সমাজ কল্যান বিভাগৰ সদ্য প্ৰাক্তন সঞ্চালক মিনাক্ষী সুন্দৰমে দিয়া অংগনবাড়ী শিশু সকলৰ তথ্য সন্দৰ্ভত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই কয় যে ৯ লাখ ভুৱা শিশু-মহিলাৰ তথ্য পূৰ্বৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীৰ সন্মুখত দিছিল প্ৰাক্তন সঞ্চালক মিনাক্ষী সুন্দৰমে, কিন্তু এই সংখ্যা ১৪ লাখ কেনেকৈ হ’ল সেয়া প্ৰাক্তন সঞ্চালক সুন্দৰমেহে জানিব | অন্যহাতে বিভাগীয় অনুমোদন অবিহনেই এই তথ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে বুলিও মন্তব্য কৰে মন্ত্ৰী ব্ৰহ্মই | প্ৰাক্তন সঞ্চালক মিনাক্ষী সুন্দৰমৰ কাৰ্যক অকৰ্তৃত্বশীল আখ্যা দি  মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই কয় যে এই কাৰ্যৰ দ্বাৰা মোৰ ক্ষতি নহয় ক্ষতি হ’ব ৰাজ্যৰ লাখ লাখ শিশু আৰু গৰ্ভৱতী মহিলাৰ ৷ উল্লেখযোগ্য যে সমাজ কল্যান বিভাগৰ প্ৰাক্তন সঞ্চালক মিনাক্ষী সুন্দৰমে অসমৰ অংগনবাড়ী কেন্দ্ৰ সমুহত ১৪ লাখ ১৩ হাজাৰ ভূৱা শিশু আছে বুলি মন্তব্য কৰিছিল ৷লগতে এই ভূৱা তথ্যৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা অসম চৰকাৰে দৈনিক ১ কোটি ১০ লাখ টকা লুটিছে বুলি বিস্ফোৰক তথ্য ফাদিল কৰিছিল সমাজ কল্যাণ বিভাগৰ সদ্য প্ৰাক্তন সঞ্চালক মিনাক্ষী সুন্দৰমে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here