অংগনবাড়ী কেন্দ্ৰ সমুহৰ দুৰ্নীতি উদঙালে কেন্দ্ৰীয় চৰকাৰে 

0
959
NEWS DESK NE INDIA: অসমৰ অংগনবাড়ী কেন্দ্ৰত আছে ১৪ লাখ ১৩ হাজাৰ ভূৱা শিশু ৷ এই ভূৱা তথ্যৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা অসম চৰকাৰে লুটিছে দৈনিক ১কোটি ১০ লাখ টকা ৷ এই বিস্ফোৰক তথ্য ফাদিল কৰিছে সমাজ কল্যাণ বিভাগৰ সদ্য প্ৰাক্তন সঞ্চালক মিনাক্ষী সুন্দৰমে ৷ অসমৰ অংগনবাড়ী কেন্দ্ৰ সমুহৰ কৰ্মী সহায়িকা সকলে নিজৰ দাবী সমুহ পুৰণৰ বাবে সঘনাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ বিভিন্ন সা সুবিধাৰ লগতে দৰমহা বৃদ্ধিৰ দাবীৰে সততে ৰাজপথ উত্তাল কৰে কৰ্মী সহায়িকা সকলে ৷কৰ্মী সকলৰ দাবী আপত্তি সমুহে দিছপুৰৰ মজিয়া উত্তাল কৰাৰো নজিৰ আছে ৷ কিন্তু সম্প্ৰতি পোহৰলৈ আহিছে অংগনবাড়ী কেন্দ্ৰ সমুহত সংঘটিত হৈ থকা কেলেংকাৰীৰ তথ্য ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ গোপন বিস্ফোৰক পত্ৰ প্ৰেৰণ কৰিছে সমাজ কল্যান বিভাগৰ সদ্য প্ৰাক্তন সঞ্চালক মিনাক্ষী সুন্দৰমে ৷ অংগনবাড়ী কেন্দ্ৰ সমুহত শিশু সকলৰ পুষ্টিকৰ খাদ্যকে ধৰি বিভিন্ন ফলমূল,কিতাপ,বহীৰ লগতে যোগান ধৰা হয় প্ৰসূতি সকলৰ খাদ্য ৷ কিন্তু প্ৰশ্ন হয় উক্ত খাদ্য সমুহ শিশু অথবা প্ৰসূতিয়ে পায়নে ? কাৰণ কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা শিশু আৰু প্ৰসূতি সকলৰ খাদ্য সমুহত আছে এক বৃহৎ কেলেংকাৰীৰ শিকলি ৷ প্ৰায় সংখ্যক কেন্দ্ৰত আৱন্টন কৰা সামগ্ৰীৰ বিপৰীতে সেই পৰিমাণৰ শিশু বা প্ৰসূতি নাই ৷ এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰিছেনে ? অন্যহাতে কিছু অঞ্চলত দেখা যায় যে একোটা সৰু অঞ্চলতে দুই , তিনিখন অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰা হয়। কিন্তু সেই অনুপাতে কেন্দ্ৰ সমুহত নাই শিশু ৷ কেন্দ্ৰসমুহত থকা ৰেজিষ্টাৰ বহীত শিশু সকলৰ নাম তথা সংখ্যাৰ বিপৰীতে শিশু সংখ্যা অতি নগণ্য ৷ কিন্ত কেন্দ্ৰ সমুহত আৱন্টন খাদ্য সমুহ যোগান ধৰা হয় ৰেজিষ্টাৰড বহীৰ শিশুৰ সংখ্যা অনুসৰি ৷ গতিকে ত্ৰিণমূল পৰ্যায়ৰ  পৰা আৰম্ভ হোৱা দুৰ্নীতিৰ মকৰাজালত কোন কোন বিষয়া,কৰ্মচাৰী জড়িত , সেয়া তদন্ত কৰাৰ থল আছে  বিভাগীয় কৰ্তৃপক্ষৰ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here